দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত। চন্দ্ৰপুৰস্থিত বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত ৯ ডিচেম্বৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগা প্ৰেৰণা শিবিৰত অংশ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব লগা মোহন ভাগৱতে এই কাৰ্যসূচীৰ পাছতে ভ্ৰমণ কৰিব উত্তৰ-পূব।এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আগন্তুক শতবৰ্ষ জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি সংঘকাৰ্য বিস্তাৰ আৰু কাৰ্যকর্তাৰ বিকাশৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে।সংঘৰ উত্তৰ অসম প্ৰান্তত হাজংবৰী, চন্দ্ৰপুৰস্থিত বিদ্যাভাৰতীয় বহুমুখী শৈক্ষিক প্ৰকল্পত অনুষ্ঠিত হ’ব লগা শিবিৰত শতাব্দী বৰ্ষৰ বাবে সংঘৰ কাৰ্যবৃদ্ধি আৰু বিভিন্ন গতিবিধিৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ লগতে শাৰীৰিক অনুশীলন হ’ব।আজিৰে পৰা অনুষ্ঠিত হ’ব লগা প্ৰেৰণা শিবিৰৰ অন্তিম দিনা অৰ্থাৎ ১১ ডিচেম্বৰত সৰসংঘচালক মোহন ভাগৱতে উত্তৰ অসম প্ৰান্তৰ স্বয়ংসেৱকৰ লগত দুখনকৈ বৈঠকত মিলিত হৈ সমাৰোহ কাৰ্যক্ৰমত বৌদ্ধিক প্ৰদান কৰিব।উল্লেখ্য যে মোহন ভাগৱতৰ এই প্ৰৱাস কেৱল কাৰ্যকর্তাৰ বাবেহে অনুষ্ঠিত কৰা হৈছে।সেয়েহে সংঘ কাৰ্যকর্তা সকলেহে এই শিবিৰত অংশ ল’ব পাৰিব।এই শিবিৰত প্ৰায় ৩০০০ কাৰ্যকর্তা শিক্ষাৰ্থী হিচাপে উপস্থিত থাকিব এই শিবিৰৰ পাছতে ১১ ডিচেম্বৰ আবেলিৰ ভাগত অৰুণাচললৈ যাত্ৰা কৰিব মোহন ভাগৱতে।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন