দেশবাসীৰ হৃদয় জিনা হৃদয়ক মুখ্য মন্ত্ৰীৰ সম্বৰ্ধনা

0 287


হৃদয় তুমি জিনিলা আমাৰ হৃদয়। কৃতকাৰ্যতাই সৃষ্টি কৰক হাজাৰ জন হৃদয়ক। এই মন্ত্যব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উল্লেখযোগ্য যে জুনিয়ৰ বিশ্ব শ্বুটিং চেম্পিয়ন স্বৰ্ণ পদক জয়ৰে অসম তথা সমগ্ৰ ভাৰতবাসীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা হৃদয় হাজৰিকা নিজ গৃহভূমিত উপস্থিত হোৱাৰ পিছত ১৩ ছেপ্টেম্বৰত গুৱাহাটীৰ শিল্পগ্রামত এক চৰকাৰী সম্বৰ্ধনা অনুষ্ঠান মুখ্য মন্ত্ৰীয়ে এনেদৰে কয়। মুখ্যমন্ত্ৰী গৰাকীয়ে সম্বৰ্ধনা অনুষ্ঠানত হৃদয়ক এখন শৰাই ,গামোচা, জাপি সম্বৰ্ধনা পত্ৰৰ লগতে ২৫ লাখ টকাৰ চেক আগবঢ়াই। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ২০২০ চনত টকিঅ’ত অনুষ্ঠিত হব লগা অলিম্পিকত সাফল্য লাভ কৰাৰ বাবে হৃদয়ক সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰা হ’ব। আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰি হৃদয়ে এই সাফল্যৰ আঁৰত মাক দেউতাক , প্ৰশিক্ষকৰ আৰু একান্ত পচেষ্টাৰ কথা উল্লেখ কৰে। আনহাতে এই অনুষ্ঠানত মালয়েছিয়াৰ পেনাঙত অনুষ্ঠিত এছিয়া পেচিফিক মাৰ্ষ্টাছ ৫০০০ মিটাৰ বেগত খোজ কঢ়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক প্ৰাপ্ত কাৰ্বি আলংৰ পখিলা ইংতিপিক এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Leave A Reply

Your email address will not be published.