গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ সাফল্যত সন্তোষ প্ৰকাশ কৰিছে ধাৰাপুৰবাসী ৰাইজে । উল্লেখনীয় যে ৰঙালী বিহুৰ উলাহ আনন্দৰ মাজতে ধাৰাপুৰ টাই কোৱান ডো অকাডেমি ৰ উদ্যোগত যোৱা ১১ এপ্ৰিলত ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত আন্তঃ ক্লাব ভিত্তিত এখনি টাইকোৱানডো প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰথমবাৰৰ বাবে ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ আৰম্ভণিত এক শোভাযাত্ৰা ৰূপায়ন কৰাৰ লগতে প্ৰতিযোগিতাৰ পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে বৃহত্তৰ ধাৰাপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ধীৰেন্দ্ৰ চন্দ্ৰ দাসে । প্ৰতিযোগিতাখনত কামৰূপ মহানগৰ , কামৰূপ গ্ৰাম্য , নলবাৰী , বৰপেটা আৰু বাক্সাকে ধৰি বহু কেইখন জিলাৰ টাইকোৱানডো খেলুৱৈয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাত ধাৰাপুৰ টাইকোৱানডো অকাডেমিয়ে শ্ৰেষ্ঠ দলৰ খিতাপ অর্জন কৰাৰ লগতে ধাৰাপুৰ টাইকোৱানডো একাডেমিৰ ৰিয়ান কাশ্যপ( তুকটুক) , কৌস্তুব মণি কলিতা , ৰিম্পী দাস , জীয়া দাস , জগজিৎ দাস , জ্যোতিৰ্ময় কলিতা , ঈশান দাস , বিপানশ্ৰী কাকতি আৰু তৃষ্ণা কলিতাই সোণৰ পদক অর্জন কৰাৰ উপৰি ৰিংকু কৰোৱা , গৌতম দাস , অভিষেক দাস , স্নেহা দাস , স্নেহা সেন , বিকাশ কলিতা , হিমঞ্জিত দাস , প্ৰজ্ঞান দিকে বৈশ্য , যুৱৰাজ কলিতা , দ্বীপ কলিতা , বাৰ্ব্বী কলিতা , মধুস্মিতা কলিতা , ভৃগু দাসে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । উল্লেখনীয় যে ইতিমধ্যেই ধাৰাপুৰ টাইকোৱানডো একাডেমী যথেষ্ট সংখ্যক খেলুৱৈয়ে আন্তঃজিলা তথা ৰাষ্টীয় পৰ্য্যায়ৰ টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
Trending
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project