নগাঁৱত জলসম্পদ বিভাগৰ বহুকেইটা প্ৰকল্পৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 144

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত কেইবাস্থানতো বিভাগৰ অধীনত আৰম্ভ হোৱা তিনিটা কামৰ আনুষ্ঠানিক আৰম্ভণি কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰথমতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপত নগাঁও চহৰ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈ যোৱা কলং নৈৰ প্ৰায় ২.৯৫ কি:মি: দৈৰ্ঘ্যৰ অংশ প্ৰায় ২.৮ কোটি টকাৰ ব্যয় সাপেক্ষে আৰম্ভ কৰা খনন কাৰ্যৰ শুভাৰম্ভণি কৰে।উল্লেখ্য যে কলং নদী খনন কৰি পুনৰ সজীৱ কৰাৰ লগতে নগাঁও চহৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে জলসম্পদ বিভাগে এই খনন কাৰ্যৰ কাম হাতত লৈছে। 

দ্বিতীয়তে মন্ত্ৰী হাজৰীকাই কলং নদীৰ বাওঁপাৰৰ বৈদ্যটুপৰ পৰা মধুপুৰলৈ ১.৬ কোটি টকা ব্যয়েৰে নতুন মথাউৰি নিৰ্মাণৰ কাম আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে বিগত বৰ্ষৰ জুন মাহত কলং নদীৰ বান পৰিদৰ্শনৰ বাবে যাওতে বৈদ্যটুপৰ বানাক্ৰান্ত ৰাইজৰ আহ্বানমৰ্মে এই স্থানত মথাউৰি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । সেই প্ৰতিশ্ৰুতি পূৰণ কৰি আজি মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ পাই অত্যন্ত সুখী হোৱা বুলি উল্লেখ কৰি উপস্থিত স্থানীয় ৰাইজক মন্ত্ৰী হাজৰীকাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ নিয়মেই হৈছে প্ৰতিশ্ৰুতি মতে কাম কৰা।

পাছত মন্ত্ৰী হাজৰীকাই তুলসীমুখ নামৰ স্থানত ননৈ আৰু হাৰিয়া নদীৰ সোঁপাৰৰ তুলসীমুখৰ পৰা হাৰিয়াঘাটলৈ বান্ধ নিৰ্মাণ তথা ইয়াক ওখ আৰু শক্তিশালী কৰিবৰ বাবে প্ৰায় ১৪.৪ কোটি টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগে হাতত লোৱা কামৰ শুভাৰম্ভ কৰে । মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক নিৰ্ধাৰিত সময়ৰ ভিতৰত এই নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ লগতে মন্ত্ৰী হাজৰীকাই কাষৰীয়া কুৰুবাহী অঞ্চলত ননৈ নদীৰ খহনীয়াৰ পৰা স্থানীয় ৰাইজক সকাহ দিবলৈ ২.৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা খহনিয়া প্ৰতিৰোধী বান্ধ পৰিদৰ্শন কৰে।

মন্ত্ৰীগৰাকীক আজিৰ নগাঁৱৰ এই কাৰ্যসূচীসমূহত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিধায়ক দিগন্ত কলিতা, নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু বিভাগীয় বিষয়া-অভিযন্তাসকলে সংগ দিয়ে।

Leave A Reply

Your email address will not be published.