পৰিস্থিতি আৰু সময়ৰ তাগিদাত মানুহ স্বাৰ্থপৰ হৈ পৰিছে ।কথাষাৰ এশতাংশই হয়তো আপুনি সঠিক বুলি বিবেচনা কৰিব ।কিয়নো সম্প্ৰতি সময়ত হত্যা, হিংসা, খাম খেয়ালি যি হাৰত বৃদ্ধি হ’ব লাগিছে সেই পৰিস্থিতিত এই কথাষাৰ বাৰুকৈয়ে অনুমান হ’ব । স্বাৰ্থপৰতাৰ মনোবৃত্তিক পৰিহাৰ কৰি সমাজৰ দুখীয়া মানুহৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ধেমাজি চিচিবৰগাঁৱৰ যুৱক নন্দীগিৰী ভূঞাই।সৰুতে পিতৃ মাতৃৰ পৰা পোৱা শিক্ষাক সৰোগত কৰি নন্দীগিৰী ভূঞাই দুই সহস্ৰাধিক দুখীয়া পৰিয়ালক ৫০০ টকাকৈ উপহাৰ আগবঢ়ায়।উল্লেখযোগ্য যে বিহুৰ উৰুকাৰ দিনা গাই নদীৰ বানত গৃহহীন হোৱা পৰিয়ালক তেখেতে গুৱা পানৰ লগতে ৫০০টকাকৈ উপহাৰ আগবঢ়ায় ।জানিব পৰা মতে ইতিমধ্যে উদীয়মান যুৱ ব্যৱসায়ীজনে বিহুত চান্দা দিয়া সংস্কৃতি বন্ধ কৰি প্ৰতিবছৰে এনেদৰে দুখীয়া ৰাইজৰ মাজত সেই ধনখিনি আগবঢ়াব বুলি সিদ্ধান্ত লৈছে।উদীয়মান যুৱ ব্যৱসায়ীজনৰ এই প্ৰচেষ্টাক সমূহ ৰাইজে শলাগ লৈছে ।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান