নিজা উদ্যোগত এটি বাসগৃহ নিৰ্মাণ কৰি ধূলাৰ ঘটনাত প্ৰাণ হেৰুওৱা ঢেকিয়াজুলিৰ কিশোৰীগৰাকীৰ পৰিয়ালক প্ৰদান কৰিলে মন্ত্ৰী অশোক সিংহলে

0 162

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ নিজ সমষ্টি ঢেকিয়াজুলিৰ প্ৰজাপথাৰ গাঁৱত উপস্থিত হৈ ৰাজু তুৰি নামৰ ব্যক্তিগৰাকীৰ নৱনিৰ্মিত আৱাসগৃহটিৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষত দৰং জিলাৰ ধূলাত সংঘটিত এক দূৰ্ভাগ্যজনক ঘটনাত ঢেকিয়াজুলিৰ এগৰাকী কিশোৰীয়ে অকাল মৃত্যুক সাৱটি ল’ব লগা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত অতিশয় নিন্দনীয় এই ঘটনাৰ তদন্তত অৱহেলা কৰা প্ৰশাসনিক বিষয়ববীয়াসকল শাস্তিৰ সন্মুখীন হোৱাৰ লগতে কিশোৰীগৰাকীৰ পৰিয়ালক এটি চৰকাৰী বাসগৃহ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি কিশোৰীগৰাকীৰ দৰিদ্ৰ পৰিয়ালটিক সকাহ প্ৰদানৰ উদ্দেশ্যে ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে তাৎক্ষণিক পদক্ষেপ গ্ৰহণেৰে তেওঁৰ ব্যক্তিগত উদ্যোগত কিশোৰীগৰাকীৰ পৰিয়ালৰ বাবে এটি বাসগৃহ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে। শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে আজি এই বাসগৃহটিৰ শুভ উদ্বোধন কৰি পৰিয়ালটিৰ হাতত অৰ্পণ কৰে।

Leave A Reply

Your email address will not be published.