নিযুক্তি পত্ৰ বিতৰণ

0 207

কাজিৰঙা, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে সকলোৱে দায়বদ্ধভাৱে কাম কৰিব লাগিব। বন্যপ্ৰাণী আৰু সেউজীয়া প্ৰাকৃতিক দৃশ্যৰ বাবে বিশ্বৰ মানচিত্ৰত ৰাজ্যখনৰ বিশেষ গুৰুত্ব আছে। আজি ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গঠন কৰা বিশেষ গড় সুৰক্ষা বাহিনীৰ ৯০ গৰাকী কনিষ্টবলৰ নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

তেওঁ লগতে কয় যে- চোৰাং চিকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। চোৰাং চিকাৰীৰ তৎকালীন শাস্তি প্ৰদান কৰাৰ উদ্দেশ্যে ১০ খন ফাষ্ট ট্ৰেক কোৰ্ট স্থাপন কৰা হৈছে। সেইবাবে পূৰ্বৰ তুলনাত গড় হত্যা হ্ৰাস পাইছে। কাজিৰঙা সৌষ্ঠৱ বৃদ্ধিৰ বাবে বিষয়া কৰ্মচাৰীসকলে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব। অনুষ্ঠানত মুখ্য প্ৰধান বন সংৰক্ষক এন কে বাসু, আইন উপদেষ্টা শান্তনু ভড়ালী, বিধায়ক ঋতুপৰ্ণ বৰুৱা, অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.