নেপকিনেৰে সজাগতা আনিব বিচৰা ব্যক্তিজনৰ কথাৰে

0 337

WhatsApp Image 2018-03-05 at 3.31.38 PM

মহিলা সকলৰ দৈনন্দিন জীৱনৰ অন্যতম অপৰিহাৰ্য্য অংশস্বৰূপ সামগ্ৰী হ’ল চেনিটাৰী নেপকিন। কিন্তু দুখৰ বিষয় যে বৰ্ত্তমানেও অধিকাংশ মহিলাই নেপকিনৰ কথা মুকলিকৈ ক’বলৈ লাজ কৰে। যাৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হয়। অলপতে ফেচবুকত এটা পোষ্ট পঢ়িছিলো। পোষ্টটো হ’ল এনেধৰণৰ.. নেপকিন কি বুজি নোপোৱা, দৰিদ্ৰ এগৰাকী কিশোৰীয়ে মাহেকীয়া কেইদিনত কাপোৰ ব্যৱহাৰ কৰিছিল। সেই ব্যৱহৃত কাপোৰবোৰ ধুই পুনৰ ব্যৱহাৰৰ বাবে মেলি দিছিল, কিন্তু দুৰ্ভাগ্যক্ৰমে তাত লাগি আছিল কুমজেলেকুৱা। যাৰ বাবে কিশোৰী গৰাকীৰ পেটত এসময়ত যথেষ্ট বিষ হৈছিল আৰু পেট ফুলি গৈছিল। এইবোৰ কথা যেতিয়া ডাক্তৰৰ জৰিয়তে জানিব পাৰিছিল, তেতিয়া আৰু বহু পলম হৈ গৈছিল। আৰু কিছুদিনৰ পাছত কিশোৰী গৰাকী মৃত্যু হৈছিল। তেতিয়াই নেপকিনৰ প্ৰয়োজনীয়তাৰ কথা বহুল ভাৱে প্ৰচাৰ হৈছিল।

WhatsApp Image 2018-03-05 at 3.31.39 PM

আজি যিগৰাকী উদ্যমী, সমাজ সেৱকৰ বিষয়ে লিখিবলৈ লৈছো, তেখেতে বহু সাহস আৰু ধৈৰ্য্যৰে নেপকিনৰ সজাগতাৰ বিষয়ে প্ৰচাৰ কৰিছিল। আৰু কম মূল্যত নিজেই নেপকিন প্ৰস্তুত কৰি গাৱৰ মহিলাসকলক যোগান ধৰিছিল। সেই গৰাকী উদ্যমী হ’ল – বিশ্বনাথ চাৰিআলিৰ নয়ন শইকীয়া। তেখেতে ২০১৫ চনৰ পৰা নেপকিনৰ কাম কৰিছে। পেডমেন চিনেমাৰ সচাঁ নায়কৰ পৰা অনুপ্ৰাণিত হৈ, তেখেতে নেপকিনৰ প্ৰচাৰ চলাইছিল। গাৱে গাৱে গৈ মহিলাক বুজাইছিল, নেপকিন আৰু স্বাস্থ্যৰ প্ৰয়োজনীয়তা কথা। প্ৰথম অৱস্থাত নানা অসুবিধাৰ সন্মুখীন হৈছিল যদিও শিক্ষিত মহিলা সকল, অথবা গাৱৰ মুৰব্বী মহিলা সকলৰ পৰা যথেষ্ট সহাঁৰি পাইছিল। যাৰ বাবে পৰবৰ্ত্তী সময়ত নয়ন শইকীয়াই always নামৰ নেপকিন প্ৰস্তুত কৰিবলৈ উৎসাহ পাইছিল। এই সম্পৰ্কে নয়ন শইকীয়াই Nefocus.comৰ আগত এনেদৰে কয় – মুগানাথন চাৰেই মোৰ গুৰু।

WhatsApp Image 2018-03-05 at 3.31.37 PM

তেখেতৰ পৰা অনুপ্ৰাণিত হৈ এই কাম হাতত ল’লো। বৰ্ত্তমানে দৈনিক ৩০০০ হাজাৰ নেপকিন প্ৰস্তুত হয়। Always নামৰ নেপকিনৰ প্ৰতিটো পেকেটৰ মূল্য ১৮ টকা। আমি যিমান পাৰো গাৱৰ দুখীয়া মহিলাক কম দামত দিয়াৰ চেষ্টা কৰো। এই কামৰ লগত ৬গৰাকী যুৱতী জৰিত হৈছে। তেওঁলোকেও নিজৰ সংস্থাপনৰ লগতে সমাজ সেৱাৰ লগত জৰিত হৈ আছে। নয়ন শইকীয়াই কয় যে কেৱল ব্যৱসায়ৰ স্বাৰ্থত নহয় সমাজৰ বাবে কিবা এটা ভাল হওক বুলিয়ে এনে কাম হাতত ল’লো। চৰকাৰৰ পৰা যদি সহযোগ পাও আৰু বহুল ভাবে প্ৰসাৰ ঘটাই কম মূল্যত গ্ৰাহকলৈ নেপকিনবোৰ আগবঢ়াব পাৰিম।

Leave A Reply

Your email address will not be published.