সাধাৰণতে গৰমৰ দিনত অৱসৰ বিনোদনৰ বাবে অসমৰ আন ঠাইৰ দৰে গুৱাহাটীৰ বহু লোক পৰিয়ালসহ শ্বিলং চহৰলৈ ফুৰিবলৈ যায় । কিন্তু বতৰৰ হঠাৎ হোৱা পৰিবৰ্তন আৰু বতৰৰ কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে বিগত প্ৰায় চাৰি পাঁচদিন ধৰি উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো সকলো অঞ্চলতে গাজনি, ঢেৰেকনিৰ সৈতে কম বেছি পৰিমাণে বৰষূণ হৈ থকাত তাপমাত্ৰা স্বাভাৱিকতকৈ বহুখিনি কমি যোৱাত ৰাইজে গৰমৰ পৰা বহু সকাহ লাভ কৰিছে । আনকি বহু অঞ্চলত ধুমুহা , শিলাবৃষ্টি , বজ্ৰপাতৰ সৈতে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ অহাৰ ফলত হঠাৎ শীতে বিদায় লোৱাৰ পৰত ওলোটাই ৰাজ্যবাসী আবতৰীয়া শীতৰ মুখামুখি হবলগীয়া হৈছে । বিগত প্ৰায় কুৰিটা দিন ধৰি নিশাটো বাদেই দিনৰ ভাগতো শীত নামি আহিছে । উল্লেখযোগ্য যে ১১ মাৰ্চৰ পাছৰে পৰা অসম, অৰুণাচল প্ৰদেশ, মেঘালয়কে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইত পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ আৰু কেতবোৰ ঠাইত গাজনি -ঢেৰেকনি , বজ্ৰপাতৰ সৈতে প্ৰৱল বৃষ্টিপাত হৈছে। আনকি বিগত সময়ত পশ্চিম অসম, নামনি অসম , দক্ষিণ অসম, কাৰ্বি আংলং, ডিমা হাছাও জিলাৰ লগতে বি টি এ ডি এলেকাৰ বহু অঞ্চলতে স্বাভাৱিকতকৈ অত্যাধিক পৰিমাণৰ বৰষুণ হৈছে । সমান্তৰালভাৱে ডাৱৰীয়া বতৰৰ লগতে পশ্চিমৰ পৰা ৰিবৰিবকৈ বতাহ অহৰহ বলি থকা বাবে বিগত প্রায় দুই সপ্তাহ ধৰি ৰাজ্যৰ বেছিভাগ অঞ্চলত ৰাইজে আৱতৰীয় শীতৰ লগত ৰাইজে সহাৱস্থান কৰিবলগীয়া হৈছে। ফলত সাধাৰণ ৰাইজক জেকেট, চুৱেটাৰ বা শীতত ব্যৱহৃত পোছাক পৰিধান কৰা পৰিলক্ষিত হৈছে। বহু লোকেই মাৰ্চৰ প্ৰথম সপ্তাহতে গৰম পৰাত জেকেট, চুৱেটাৰকে ধৰি শীতত পৰিধান কৰা কাপোৰ ধুই বাকচ বা আলমাৰীত থৈ দিছিল। কিন্তু হঠাতে শীত নামি অহাৰ ফলত সেই কাপোৰ পুনৰ উলিয়াই পৰিধান কৰি শীত নিবাৰণ কৰিবলগীয়া হৈছে । আনকি তাপমাত্ৰা বেছিভাগ অঞ্চলতে স্বাভাৱিকতকৈ ৮ ডিগ্ৰী চেলচিয়াছ পর্যন্ত হ্রাস পাইছে । আনকি উজনি অসম আৰু উত্তৰ অসমৰ বহু অঞ্চলত শ্বিলঙৰ দৰে শীত অনুভূত হৈছে । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সন্ধিয়া সদৰি কৰা অনুসৰি দিনে নিশাই বৰষূণ হৈ থকা বাবে তাপমাত্ৰাৰ নিম্নগামিতা আৰম্ভ হৈছে । আজিৰ দিনটোত শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২২.৭ ডিগ্ৰী চেলচিয়াছ । অৱশ্যে তেজপুৰকে ধৰি উত্তৰ অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তবৰ্তী বহু ঠাইৰ সৰ্বাধিক তাপমাত্ৰাৰ পৰিমাণ শ্বিলং চহৰৰ দৰে সমান হোৱাৰ বিপৰীতে যোৰহাট চহৰৰ সর্বাধিক তাপমাত্ৰাৰ পৰিমাণ আছিল ২১.৫ ডিগ্ৰী চেলচিয়াছ । আনহাতে আজিৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ নগৰ কেইখনমানৰ সৰ্বাধিক তাপমাত্ৰাৰ পৰিমাণ আছিল এনে ধৰণৰ – গুৱাহাটীত ২৩.২ ডিগ্ৰী , শিলচৰত ২৯.০ ডিগ্ৰী , ধুবুৰীত ২৪.২ ডিগ্ৰী, উত্তৰ লখিমপুৰত ২৭.০ ডিগ্ৰী, ডিব্ৰুগড়ত ২৫.৩ ডিগ্ৰী চেলচিয়াছ আছিল।তেনেদৰে ডিমা হাছাও জিলাৰ ভিতৰুৱা বহু অঞ্চলৰ সৰ্বাধিক তাপমাত্ৰা শ্বিলং চহৰতকৈ কিছু তলত আছিল । আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ৩ এপ্ৰিল পর্যন্ত বতৰ অপৰিৱৰ্তিনীয় হৈ থকাৰ লগতে ঠাইবিশেষে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ আৰু দুই এঠাইত গাজনি ,ঢেৰেকনি , ধুমুহা , বজ্ৰপতৰ সৈতে প্ৰৱল বৃষ্টিপাত হ’ব পাৰে বুলি আগতীয়া সতর্কতা জাৰি কৰিছে। উল্লেখ্য, বিগত দুই সপ্তাহৰো অধিক দিন ধৰি অসমৰ বেছিভাগ অঞ্চলতে বৰষুণ হৈ আছে। উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখা গৈছে। একেদৰে অঞ্চল বিশেষে স্বাভাৱিক জনজীৱন কিছু ব্যাহত হোৱাও পৰিলক্ষিত হৈছে। অৱশ্যে প্ৰায় চাৰে চাৰি মাহৰ পাছত অহা বৰষুণৰ ফলত ৰাইজে ধুলিয়ৰি পৰিবেশৰ পৰা সকাহ লাভ কৰিছে।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing