নৱনিযুক্ত পৰিচালন সঞ্চালকৰ নিযুক্তি সম্পর্কে ঘোষণা কৰিছে পূৰ্বাঞ্চল চিমেন্ট লিমিটেডে

0 202

সূৰ্য্য গোল্ড চিমেন্ট আৰু সূৰ্য্য কংক্রিট উদ্যোগ নিৰ্মাতা পূৰ্বাঞ্চল চিমেন্ট লিমিটেডে আজি বেদান্ত আগৰৱালক নৱনিযুক্ত পৰিচালন সঞ্চালক হিচাপে ঘোষণা কৰিছে।নৱনিযুক্ত পৰিচালন সঞ্চালক বেদান্ত আগৰৱাল গৃহনির্মাণ ক্ষেত্রখনৰ সৰ্বোচ্চ বিশ্বাসযোগ্যতাৰ অন্য নাম বিশ্বস্ত সূৰ্য্য গোল্ড চিমেন্ট আৰু সূৰ্য্য কংক্রিট উদ্যোগৰ সামগ্রিক উন্নয়ন তথা ব্যবসায়িক বিস্তাৰৰ লগতে উদ্যোগটোৰ নিজস্বতা ৰক্ষাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিব।
গৃহনির্মাণ ক্ষেত্রখনৰ স্বনামধন্য এই উদ্যোগটোৰ নিজস্বতা অক্ষুন্ন ৰখাৰ লগতে গ্ৰাহক সকলক উন্নত প্ৰযুক্তিৰে নিৰ্মিত চিমেন্ট যোগান ধৰাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠানটোৰ নৱনিযুক্ত পৰিচালন সঞ্চালক গৰাকীয়ে ক্ৰমাগত ব্যবসায়িক উন্নতি আৰু BIS মান্যতাপ্ৰাপ্তভাৱে গৃহনির্মাণ সামগ্ৰীৰ বজাৰ দখলৰ দিশতো উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।
নৱনিযুক্ত পৰিচালন সঞ্চালক গৰাকীৰ কাৰ্য্যকালত পূর্বাঞ্চল চিমেন্ট লিমিটেডে এক আশাব্যঞ্জক নতুন ব্যবসায়িক অধ্যায়ৰ সূচনা বিচাৰিছে।যাতে উদ্যোগটোৱে পৰিকল্পিত আৰু উদ্দেশ্য প্ৰণোদিতভাৱে নিতান্তই ক্ৰমাগত উৰ্ধগামী বিনিয়োগৰ লগে লগে গৱেষণা আৰু উন্নয়নৰ (R&D) দিশত বিশেষভাৱে প্ৰতিনিধিত্ব কৰিব পাৰে। যেনে-চুপাৰ কংক্রিট, এড-স্টাৰ বেগ ইত্যাদিৰ লগতে পেকেটিঙৰ বাবে অত্যাধুনিক আৱৰণ, কাৰিকৰীভাৱেও ক্ৰমে ক্ৰমে উন্নত মাপকাঠিৰ পৰিমাপক ৰূপে এডভান্চ বল মিল, কম্পিউটাৰ সংযুক্ত ক্ৰাচাৰ,মানসম্পন্ন টেস্টিং লেবৰেটৰী আৰু অধিক ফলপ্রসূ অত্যাধুনিক সা-সুবিধাযুক্ত হোৱাৰ সমান্তৰালভাৱে এনার্জি এফিকেচিৰো সংবৰ্ধিতৰূপ হিচাপে পূৰ্বাঞ্চল চিমেন্ট লিমিটেড পৰিগণিত হোৱাটো ধূৰুপ।
তাৰোপৰি সচেতন গ্ৰাহকসকলৰ উদ্দেশ্যে সময়ে সময়ে সজাগতা সভা-বৈঠকৰ উপৰিও পৰিকল্পিত ভাৱে বৃহদাকাৰ অনুষ্ঠান আয়োজনৰ জৰিয়তে নতুন প্ৰযুক্তিগত সামগ্রিৰে গৃহনির্মাণৰ প্ৰতি তেওঁলোকৰ মনযোগ আকৰ্ষণ কৰাৰ চেষ্টা কৰা হ’ব বুলি কোৱা হৈছে।এই জাতীয় অনুষ্ঠানে গ্ৰাহকসকলকো উচিত সামগ্রী ক্ৰয় কৰাৰ ক্ষেত্রত আগ্রহী কৰে, লগতে গৃহনির্মাণ সম্পর্কে জনমানসত প্ৰচলিত কিছুমান নকাৰাত্মক জটিলতা দূৰীকৰণত সহায় কৰে। তাৰ উপৰি বিশ্বমানৰ প্ৰযুক্তিৰে সপোনৰ ঘৰখন সজাই তোলাৰ স্বঘোষিত সাফল্যত উপনীত হ’ব পাৰে।
পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ নৱনিযুক্ত পৰিচালন সঞ্চালক বেদান্ত আগৰৱাল প্ৰতিষ্ঠানটোৰ সৰ্বতোপ্ৰকাৰ বিকাশৰ পৰিকল্পনাৰে কয় যে পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ ক্ৰমবিকাশৰ বাটত এই সময়খিনি মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।
স্মৰ্তব্য যে বেদান্ত আগৰৱাল আমেৰিকাৰ ৱেস্ট লাফিয়েট ,পূৰ্ডো বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্রী অর্জন কৰিছে।সমান্তৰালভাৱে উদ্যোগীক বিকাশ আৰু পৰিচালন বিষয়ক ফেৰো এলাই ইণ্ডাস্ট্ৰিজৰ অভিজ্ঞতাৰে পৰিপুষ্ট শ্রীযুত আগৰৱাল ৰ আছে ডিজিটেল মাৰ্কেটিং সেৱা তথা সাংগঠনিক বুজাবুজিৰ বিষয়ে নৈতিকতা তথা মূল্যবোধৰ বিশদ অভিজ্ঞতা।
শেহতীয়াকৈ পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ প্ৰডাক্চন ক্ষমতা হৈছে ৪০,০০০ MTPA, কিন্তু নব্য ব্যবসায়িক পৰিকল্পনাৰ সংবৰ্ধিতৰূপ ব্যবহাৰৰ পিছতেই উদ্যোগটোৰ প্ৰডাক্চন ক্ষমতা ৬০,০০০ MTPA লৈকে বৃদ্ধি পাব।পূৰ্বাঞ্চল চিমেন্ট লিমিটেডে প্ৰাকৃতিক পৰিবেশ বিনষ্ট নকৰিবলৈ সদা সচেতন।তাৰোপৰি তেওঁলোকৰ উদ্যোগিক এলেকাধীন অঞ্চলত সকলো প্ৰকাৰৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ বাবে সৰ্বস্তৰৰ লোকৰ লগত সৰ্বদাই বদ্ধপৰিকৰ।

Leave A Reply

Your email address will not be published.