অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহাসিক পলাশবাৰী ৰাস মহোৎসৱ এইবেলিও ৭৬ তম্ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস লীলা ৮ ৰ পৰা ১৮ নৱেম্বৰলৈ মহাৰজত জয়ন্তী শুভাৰম্ভৰে এঘাৰদিনীয়াকৈ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৰাস মহোৎসৱখনি ৮ নৱেম্বৰৰ সন্ধিয়া ৮ বজাত আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে। উদ্বোধক নেওগক সাতোপাৰা শ্ৰীশ্ৰী বাসন্তী দেৱীৰ মন্দিৰ প্ৰাংগনৰ পৰা ৰাস মহোৎসৱস্থলীলৈ ভাগৱতসহ এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হয়। ইয়াৰ পিছতেই ভাগৱত প্ৰতিষ্ঠা কৰে। ৰাস মহোৎসৱ উদ্বোধনৰ পিছতেই ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি মণিময় কৰৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত বন্তি প্ৰজ্বলন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। সভাত উদ্বোধক অজন্তা নেওগে প্ৰথম বাৰৰ বাবে পলাশবাৰী ৰাস মহোৎসৱত উপস্থিত থাকি গৌৰৱ অনুভৱ কৰা বুলি কয়। লগতে গুৰুজনাৰ আদৰ্শক সৰোগত কৰি আমি একতাৰ দোলেৰে বান্ধ খাই থাকিব লাগে বুলি মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে। সভাত স্মৃতিগ্ৰন্থ ‘ৰাসক্ৰীড়া’ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। স্মৃতিগ্ৰন্থ উন্মোচন কৰি মৃণালিনী দেৱীয়ে ভাষণত ভগৱান শ্ৰীকৃষ্ণৰ লীলা মালাৰ লগতে আধ্যাত্মিক চেতনা বোধৰ ব্যাখ্যা আগবঢ়াই পলাশবাৰী ৰাস মহোৎসৱৰ ঐতিহ্য সচাকৈয়ে অনন্য বুলি উল্লেখ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, বিশিষ্ট সমাজকৰ্মী অনুপ মেধী উপস্থিত থাকি শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু ভক্তিৰসৰ ওপৰত ভাষণ প্ৰদান কৰে।সভাত পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীণা দাস কলিতাও উপস্থিত থাকে। সভাত বিশিষ্ট অভিনেতা ভৱানী কলিতাক শিল্পী সম্বৰ্ধনা জনোৱা হয়। পলাশবাৰী ৰাস মহোৎসৱত ৰামায়ণ, মহাভাৰত, পুৰাণ আদি শাস্ত্ৰৰ আধাৰত প্ৰায় ডেৰশতকৈও অধিক মৃন্ময়মুৰ্তি শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে। মহোৎসৱস্থলীত নিৰ্মাণ কৰা মুখ্য তোৰণ, মুখ্য মণ্ডপৰ লগতে মহোৎসৱস্থলী আটক ধুনীয়াকৈ আলোক সজ্জাই দৰ্শক বিশেষভাৱে আকৰ্ষিত কৰিছে। দৰ্শনাৰ্থীৰ মনোৰঞ্জনৰ বাবে আনন্দ মেলা, সাংস্কৃতিক সন্ধিয়া, যাত্ৰাভিনয়, নাম প্ৰসঙ্গৰ লগতে শিশু কৃষ্ণ, ৰাধাকৃষ্ণ যুগলৰূপ প্ৰতিযোগিতা আৰু শ্ৰীকৃষ্ণৰ ভক্তিমূলক গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইয়াৰ পূৰ্বে ৰাস মহোৎসৱস্থলীত ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলন কৰে ৰাস মহোৎসৱ সমিতিৰ সভাপতি মণিময় কৰে। লগতে মহাৰজত জয়ন্তীৰ শুভাৰম্ভণী উপলক্ষে ৭৫ খন পতাকা বিশিষ্ট ব্যক্তিসকলৰদ্বাৰ উত্তোলন কৰা হয়। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে কাৰ্যকৰী সভাপতি লক্ষ্মী কাকতিয়ে, স্মৃতি তৰ্পন কৰে যুটীয়া সাধাৰণ সম্পাদকদ্বয় পংকজ দাস আৰু অৰূপ দাসে। এইবেলি পলাশবাৰী ৰাস মহোৎসৱত আৰম্ভণীৰে পৰা জড়িত লোক তথা প্ৰয়াত পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱা হ’ব উদ্যোক্তাসকলে জানিবলৈ দিছে। আনহাতে মিৰ্জাস্থিত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসক্ৰীড়া আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই আৰু মুখ্য মণ্ডপত বন্তি প্ৰজ্বলন কৰে ছয়ানী আৰু ৰামপুৰ মৌজাৰ মৌজাদাৰ কমল বৰুৱাই। ৰাস মহোৎসৱৰ আটাইকেইদিনতেই ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।
Trending
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ