মহানগৰীৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাবিদ্যালয় বাৰ্ষিক সপ্তাহৰ ২৩ জানুৱাৰীত আনুষ্ঠানিক ভাৱে সফল সামৰণি পৰে। মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ উদ্যোগত অনুষ্ঠিত বাৰ্ষিক সপ্তাহৰ মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে অধ্যক্ষ ড০ ৰাণা শৰ্মাই। ইয়াৰ পিছত আছুৰ পতাকা উত্তোলন কৰে ধাৰাপুৰ ছাত্র সন্থাৰ সভাপতি অভিজিৎ কলিতাই আৰু ছাত্র একতা সভাৰ পতাকা উত্তোলন কৰে সভাপতি হিৰকজ্যোতি কলিতাই। শ্বহীদ তৰ্পণ কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ পাৰুল বৈশ্যই। আনহাতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে অধ্যক্ষ ড০ ৰাণা শৰ্মা আৰু উপাধ্যক্ষ পাৰুল বৈশ্যই। খেল উদ্বোধন কৰে অধ্যাপক ড০ হজৰত আলিয়ে। উল্লেখ্য যে, সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত ইংৰাজী বিভাগে প্ৰথম, বাণিজ্য বিভাগে দ্বিতীয় আৰু অসমীয়া বিভাগে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। তদুপৰি এইবেলি মহাবিদ্যালয় বাৰ্ষিক সপ্তাহৰ শ্ৰেষ্ঠ সংগীত শিল্পীৰ সন্মান যুটীয়া ভাবে অৰ্জন কৰে জিলমিল ৰূপালী জোনাক আৰু স্বপ্ননীল গোস্বামীয়ে। আনহাতে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চাহিদুল ইছলামে আৰু শ্ৰেষ্ঠ সমাজসেৱকৰ বঁটা লাভ কৰে প্ৰণৱজ্যোতি ৰাভাই। মিঃ পি জি এমৰ খিতাপ অৰ্জন কৰে প্ৰাঞ্জল কাকতিয়ে। উল্লেখ্য যে, কালি সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সুপ্ত প্ৰতিভা বিকাশ শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। এটি বিয়ানাম পৰিবেশন কৰি অনুষ্ঠানটো মুকলি কৰে অসমীয়া বিভাগৰ তিনি অধ্যাপিকা ক্ৰমে ড০ পূৰবী কলিতা, ড০ কুকিলা গোস্বামী আৰু হিমাশ্ৰী বৰ্মণে। অনুষ্ঠানটোত ছাত্র-ছাত্ৰী সকলে তেওঁলোকৰ বিভিন্ন পাৰদৰ্শিতা সমূহ প্ৰদৰ্শন কৰে। অধ্যক্ষ ড০ ৰাণা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণি সভাখনৰ আঁত ধৰে ছাত্র একতা সভাৰ সম্পাদক সৌৰভ কাকতিয়ে। সভাত বাৰ্ষিক সপ্তাহত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্র-ছাত্ৰী সকলক বঁটা আৰু মানপত্ৰ সমূহ প্ৰদান কৰা হয়। বঁটা বিতৰণী সভাত ড০ গগণজ্যোতি বৰা আৰু ড০ হজৰত আলিয়ে ছাত্র-ছাত্ৰী সকলক উদ্দেশ্যি এক সাৰুৱা ভাষণ আগবঢ়ায়।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ