মহানগৰীৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাবিদ্যালয় বাৰ্ষিক সপ্তাহৰ ২৩ জানুৱাৰীত আনুষ্ঠানিক ভাৱে সফল সামৰণি পৰে। মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ উদ্যোগত অনুষ্ঠিত বাৰ্ষিক সপ্তাহৰ মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে অধ্যক্ষ ড০ ৰাণা শৰ্মাই। ইয়াৰ পিছত আছুৰ পতাকা উত্তোলন কৰে ধাৰাপুৰ ছাত্র সন্থাৰ সভাপতি অভিজিৎ কলিতাই আৰু ছাত্র একতা সভাৰ পতাকা উত্তোলন কৰে সভাপতি হিৰকজ্যোতি কলিতাই। শ্বহীদ তৰ্পণ কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ পাৰুল বৈশ্যই। আনহাতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে অধ্যক্ষ ড০ ৰাণা শৰ্মা আৰু উপাধ্যক্ষ পাৰুল বৈশ্যই। খেল উদ্বোধন কৰে অধ্যাপক ড০ হজৰত আলিয়ে। উল্লেখ্য যে, সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত ইংৰাজী বিভাগে প্ৰথম, বাণিজ্য বিভাগে দ্বিতীয় আৰু অসমীয়া বিভাগে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। তদুপৰি এইবেলি মহাবিদ্যালয় বাৰ্ষিক সপ্তাহৰ শ্ৰেষ্ঠ সংগীত শিল্পীৰ সন্মান যুটীয়া ভাবে অৰ্জন কৰে জিলমিল ৰূপালী জোনাক আৰু স্বপ্ননীল গোস্বামীয়ে। আনহাতে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চাহিদুল ইছলামে আৰু শ্ৰেষ্ঠ সমাজসেৱকৰ বঁটা লাভ কৰে প্ৰণৱজ্যোতি ৰাভাই। মিঃ পি জি এমৰ খিতাপ অৰ্জন কৰে প্ৰাঞ্জল কাকতিয়ে। উল্লেখ্য যে, কালি সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সুপ্ত প্ৰতিভা বিকাশ শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। এটি বিয়ানাম পৰিবেশন কৰি অনুষ্ঠানটো মুকলি কৰে অসমীয়া বিভাগৰ তিনি অধ্যাপিকা ক্ৰমে ড০ পূৰবী কলিতা, ড০ কুকিলা গোস্বামী আৰু হিমাশ্ৰী বৰ্মণে। অনুষ্ঠানটোত ছাত্র-ছাত্ৰী সকলে তেওঁলোকৰ বিভিন্ন পাৰদৰ্শিতা সমূহ প্ৰদৰ্শন কৰে। অধ্যক্ষ ড০ ৰাণা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণি সভাখনৰ আঁত ধৰে ছাত্র একতা সভাৰ সম্পাদক সৌৰভ কাকতিয়ে। সভাত বাৰ্ষিক সপ্তাহত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্র-ছাত্ৰী সকলক বঁটা আৰু মানপত্ৰ সমূহ প্ৰদান কৰা হয়। বঁটা বিতৰণী সভাত ড০ গগণজ্যোতি বৰা আৰু ড০ হজৰত আলিয়ে ছাত্র-ছাত্ৰী সকলক উদ্দেশ্যি এক সাৰুৱা ভাষণ আগবঢ়ায়।
Trending
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন
- গুৱাহাটীত সপ্তাহজোৰা অসামৰিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati