পাঁচটা বিধানসভা সমষ্টিত উপ নিৰ্বাচন হোৱা সম্ভাৱনা

0 228

ৰাজ্যৰ তিনিটা বিধানসভা সমষ্টিত পৰৱৰ্তী ছমাহৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
কিছুদিন আগতে গোঁসাইগাঁও সমষ্টিৰ বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী আৰু তামুলপুৰ সমষ্টিৰ ইউপিপিএলৰ বিধায়ক লেহুৰাম বড়োৰ অকাল বিয়োগ ঘটিছিল। ফলত বিধায়ক শূন্য হৈ পৰিল দুটাকৈ সমষ্টি ।
আনহাতে ১৮ জুনত বিধায়ক পদ ত্যাগ কৰিলে কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীয়ে।ফলত বিধায়কবিহীন হ’ল মৰিয়নি সমষ্টি। সাংবিধানিক নিয়ম অনুসৰি বিধায়ক পদ খালী হোৱা সমষ্টিসমূহত ছমাহৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। সেই হিচাপত চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত এই তিনিওটা সমষ্টিতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিব।
কিন্তু শেহতীয়াকৈ কংগ্ৰেছ আৰু বিজেপি উভয় দলৰে বাহিৰে-ভিতৰে চলি থকা চৰ্চাৰ বিষয়টো হ’ল খুব সোনকালেই কংগ্ৰেছৰ আৰু দুই বিধায়কে বিজেপিত যোগদান কৰিব।যদি সেয়াই হয়, তেনেহ`লে অহা ছমাহৰ ভিতৰত হয়তো অসমৰ পাঁচটাকৈ বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.