প্ৰীয়াক্ষীলৈ শুভকামনাৰে..

0 232

এগৰাকী মৰমলগা ছোৱালী৷নাম প্ৰীয়াক্ষী কলিতা৷
টীয়ক সমষ্টিৰ অন্তৰ্গত হাতীগড় মৌজাৰ
চিলাজৰী কমাৰ গাঁৱত তাইৰ ঘৰ৷হাইস্কুল শিক্ষান্ত পৰীক্ষাত দৰিদ্ৰতা আৰু শাৰীৰিক বাধাকো নেওচি সফলতা অৰ্জন কৰা বহু ছাত্ৰছাত্ৰীৰ সফলতাৰ কাহিনী সংবাদ মাধ্যমত প্ৰকাশ হ’ল৷
 
 
কিন্তু অপ্ৰকাশিত হৈ ৰ’ল সংবাদ মাধ্যমে ঢুকি নোপোৱা এনে বহু কাহিনী৷তাৰ ভিতৰত প্ৰীয়াক্ষীৰ কথাও ক’ব পৰা যায়৷জন্মতেই বাক্ শক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাই পেলাইছিল মৰম লগা প্ৰীয়াক্ষীয়ে৷কিন্তু এই প্ৰতিবন্ধকতা বাধাৰ প্ৰাচীৰ হ’বলৈ নিদি প্ৰৱল ইচ্ছা আৰু ধৈৰ্য্যৰে আজি তাই আজি সফলতা অৰ্জন কৰি পৰিয়াল তথা অঞ্চলবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে৷গুৱাহাটীৰ ভাউৰি দেৱী চৰকাৰী মুক বধি বিদ্যালয়ৰ পৰা দুটা বিষয়ত লেটাৰ মাৰ্কচ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পৰিয়াল তথা অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে উজ্জ্বলি উঠিবলৈ সক্ষম হ’ল প্ৰীয়াক্ষী৷
 
ইচ্ছা আৰু ধৈৰ্য্য শক্তি থাকিলে প্ৰতিবন্ধকতা যে সফলতা অৰ্জনৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে, পুনৰ তাৰেই প্ৰমাণ কৰিলে প্ৰীয়াক্ষীৰ এই সফলতাই৷আমাৰ ফালৰ পৰাও প্ৰীয়াক্ষীলৈ যাচিলোঁ অলেখ শুভকামনা৷প্ৰীয়াক্ষী তুমি আৰু আগবাঢ়ি যোৱা৷বহুতৰ বাবে হৈ পৰা আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস স্বৰূপ৷
খবৰ  যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে.

Leave A Reply

Your email address will not be published.