প্ৰয়োগিক বিজ্ঞান সম্পৰ্কীয় কৰ্মশালা অনুষ্ঠিত

0 218

গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ ইনষ্টিটিউট অৱ ফাৰ্মাটিকেল চায়েন্স আৰু লালমাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান গুৱাহাটীৰ যৌথ উদ্যোগত ২৯ আৰু ৩০জানুৱাৰীত state level Entrepreneurship awareness camp in Allied Health and Applied science “শীৰ্ষক দুদিনীয়া কৰ্মশালা জি আই পি এচ প্ৰাংগনত অনুষ্ঠিত হয়। ২৯ জানুৱাৰীত পুৱাৰ ভাগত শংকৰ একাডেমি চ’চাইটিৰ সভাপতি ৰাতুল দাসৰ অধ্যক্ষতাত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আই আই ইৰ বিশিষ্ট ফেকাল্টি অচিন্ত কুমাৰ বৰুৱা ,অসম স্কিল ডেভলেপমেণ্ট মিছনৰ ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক পি চৌধুৰীকে আদি কৰি বিভিন্ন জন ব্যক্তি উপস্থিত থাকে।প্ৰায়োগিক বিজ্ঞান আৰু স্বাস্থ্য সম্পৰ্কে শিক্ষাৰ্থী সকলক সজাগ কৰাৰ উদ্দেশ্যে এই কৰ্মশালা আয়োজন কৰা হৈছে।কৰ্মশালাখনত দ্বিতীয় দিনা অংশগ্ৰহণকাৰী সকলৰ মতামত গ্ৰহণ কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.