সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ বাবে মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ে হাতত লৈছে এক অভিনৱ আঁচনি। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৮ বছৰ হোৱা ছাত্ৰ-ছাত্ৰীসকলক মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ে ১ ৰ পৰা ১৫ আগষ্টলৈ পথ সুৰক্ষা প্ৰাৰম্ভিক জ্ঞান প্ৰদান কৰি থিতাতে চালকৰ অনুজ্ঞা প্ৰত্ৰ প্ৰদানৰ পদক্ষেপৰে এক অভিনৱ আঁচনি গ্ৰহণ কৰিছে। প্ৰতিদিনে ২৫ জনকৈ এনে পৰিক্ষাৰ্থীক যাৱতীয়া জ্ঞান প্ৰদান কৰি থিতাতে চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। মহানগৰ জিলা পৰিবহন বিষয়া (পঞ্জীয়ন, অনুজ্ঞাপত্ৰ) গৌতম দাসে জানিবলৈ দিয়ে যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশমৰ্মে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ তথা ১৮ বছৰ সম্পূৰ্ণ হোৱা ছাত্ৰী-ছাত্ৰীসকলে বহি: ৰাজ্যত অধ্যয়ণ কৰিবলৈ গলে দুচকীয়া নাইবা চাৰিচকীয়া যান-বাহন চলোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তথা যান-বাহন চলোৱাৰ নীতি নিয়ম অৱগত কৰিবৰ বাবে উক্ত পোন্ধৰদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে দৈনিক ২৫ জনকৈ শিক্ষাৰ্থীক যান-বাহনৰ চলোৱাৰ জ্ঞান প্ৰদান কৰি চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ লগতে আবেদনকাৰী ছাত্ৰ-ছাত্ৰীসকলে অইলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে অনলাইন কৰাৰ সময়ত বসয়ৰ প্ৰমাণ পত্ৰ, ঠিকনা, উত্তীৰ্ণ হোৱা মাৰ্কশ্বীট আদি parivahan sewa পৰ্টেল নাইবা http:/sarathi.parivahan.gov.in/sarathi service ত দাখিল কৰি আবেদন কৰিব পাৰিব। উক্ত ২৫ জন শিক্ষাৰ্থীসকলক মহানগৰীৰ বেতকুছিস্থিত ‘হোণ্ডা চালক কেন্দ্ৰ’ত পৰিবহন বিধি আৰু পথ সুৰক্ষাৰ যাৱতীয় জ্ঞান প্ৰদান কৰা হ’ব। শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ বাবে এগৰাকী পৰিবহন বিধি অনুসৰণ কৰি দায়িত্বশীলভাৱে গাড়ী চলোৱা নাগৰিক হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰাৰ লগতে ‘ড্ৰাইভিং টেষ্ট উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক অনুজ্ঞা পত্ৰ নিজ হাতে প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে। লগতে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে অতিশীঘ্ৰে ওপৰত উল্লেখিত ৱেইব চাইট যোগে অনুজ্ঞাপত্ৰৰ আবেদন কৰিবলৈ আহ্বান জনাইছে মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan