পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ`ব ঠাণ্ডা পানীৰ উহঁ

0 488

গোলাঘাটৰ গৰম পানীৰ উহঁৰ নিচিনাকৈ ঠাণ্ডা পানীৰ উহঁৰে বিখ্যাতহৈ পৰিছে জামুগুৰিহাটৰ নিকটবৰ্ত্তী খেৰবাৰীৰ বুৰবুৰি অঞ্চল ৷ ঠাণ্ডা পানীৰ উহঁৰ বাবেই তথা বুৰ বুৰকৈ পানী ওলাই থকা বাবেই অঞ্চলটোৰ নাম বুৰবুৰি হোৱা বুলি জানিব পৰা গৈছে ৷ মাটিৰ পৰা নিগৰি নিগৰি ওলাই থকা পানীৰ উহঁটোত বৃটিছৰ দিনত দুটামান পকাৰ ৰিং লগাই দিয়া হৈছিল যদিও সেয়াও সম্প্ৰতি জহি খহি গৈছে ৷ উহঁটোৰ পৰা বৈ অহা পানীত পবিত্ৰ জ্ঞান কৰি ইয়াৰ নিকটবৰ্ত্তী ৰাইজে কৃতকৰ্ম,শ্ৰাদ্ধ,বিভিন্ন মাংগলিক অনুষ্ঠান আদি কৰি আহিছে ৷বহু লোকে এই উহঁটোক ঐশ্বৰিক জ্ঞান কৰি পূজা-অৰ্চনা কৰি অহাও পৰিলক্ষিত হৈছে ৷ স্থানীয় ৰাইজৰ দাবী যুগ যুগ ধৰি এনেকৈ অনাদৃতহৈ পৰি থকা ঠাণ্ডা পানীৰ উহঁটো সংৰক্ষণ কৰি চৰকাৰে সজাই পৰাই তুলিলে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.