দেশৰ সৰ্ববৃহৎ চলচ্চিত্র বঁটা ফিল্মফেয়াৰ অনুষ্ঠানলৈ মাজত মাথো কেইটামান দিন।সাজু হৈছে অসম পৰ্যটন বিভাগ।অহা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাঁইত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ বাবে বৃহস্পতিবাৰৰ পৰা বুক মাই শ্ব’ত দৰ্শকৰ বাবে টিকট মুকলি কৰা হৈছে।জানিব পৰা মতে টিকটৰ মূল্য ১০০০ টকাৰ পৰা ৩ লাখ পৰ্যন্ত।ইয়াৰোপৰি ২৫০০,৫ ০০০হাজাৰ,১৫ হাজাৰ,২৫ হাজাৰ,১ লাখ,২ লাখ টকাৰ টিকটো উপলব্ধ হ’ব।উল্লেখ্য যে ১০০০ টকীয়া টিকট ব্ৰঞ্জ জ’ন কেৱল স্কুলীয়া ছাত্র ছাত্ৰীৰ বাবে দিয়া হৈছে।তথ্য অনুসৰি ৬৫ সংখ্যক ফিল্মফেয়াৰ অনুষ্ঠানৰ বাবে মুঠ ৩০০ কোটি টকা বাজেট নিৰ্ধাৰণ কৰা হৈছে।এই ব্যয়বহুল অনুষ্ঠানলৈ বলীউডৰ জনপ্রিয় অভিনেতা শ্বাহৰুখ খান,কৰণ জোহৰ,ৰিত্বীক ৰোশনকে ধৰি বহু তাৰকা অহাৰ সম্ভাৱনা আছে।ইতিমধ্যে ৰণবীৰ সিং,বিকি কৌশল,আয়ুস্মান খোৰানা আৰু আলিয়া ভাট এই অনুষ্ঠানলৈ অহাৰ নিশ্চিতি প্ৰদান কৰিছে।
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ