বিজ্ঞান প্ৰযুক্তিৰ উৎকৰ্ষৰ সন্মান অসমীয়া বিজ্ঞানীলৈ

0 223

WhatsApp Image 2017-11-09 at 2.34.27 PM

সৰ্বভাৰতীয় স্তৰত উজলি উঠি অসমলৈ গৌৰৱ কঢ়িয়ালে এগৰাকী অসম সন্তানে। ভাবা আণৱিক গৱেষণা কেন্দ্ৰলৈ বিশেষ অৱদান আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰৰ পাৰমাণৱিক শক্তি বিভাগে শিৱসাগৰ জিলাৰ ডিমৌৰ অনন্ত বৰগোঁহাইক ২০১৬ বৰ্ষৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিৰ উৎকৰ্ষ বঁটাৰে সন্মানিত কৰিছে। উল্লেখযোগ্য যে বৰগোহাঁয়ে ক্ষুদ্ৰ আৰু উচ্চ তাপমাত্ৰাৰ ৰিয়েক্টৰ প্ৰস্তুুতকৰণৰ গৱেষণাত উল্লেখনীয় অৱদান আগবঢ়োৱাৰ বাবে এই বঁটা লাভ কৰিছে।

WhatsApp Image 2017-11-09 at 2.34.15 PM

প্ৰাপ্ত বাতৰি মতে তেখেতে উচ্চ তাপমাত্ৰা শীতলীকৰণ প্ৰযুক্তিৰ উন্নয়নৰ ক্ষেত্ৰত বিগত ১৬ বছৰে বিশেষ অৱদান আগবঢ়াই আহিছে। নিজৰ কৰ্মদক্ষতাৰে জিলিকি উঠিবলৈ সক্ষম হোৱা বিজ্ঞানীজন বৰ্তমান মুম্বাইৰ ভাৱা আণৱিক গৱেষণা প্ৰতিষ্ঠানত কৰ্মৰত। স্মৰ্তব্য যে, তেখেতে ১৯৯৯ চনতে ভাৱা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত বৈজ্ঞানিক হিচাপে যোগদান কৰিছিল। তেখেতৰ সফলতাৰ খবৰে ডিমৌৰ ইকৰানিৰ ঘৰখনক আনন্দিত কৰি তুলিছে।

এই আপাহতে nefocus.comৰ ফালৰ পৰা অলেখ শুভেচ্ছা জনাইছো।

বিশেষ কৃতজ্ঞতা- মুজাহিদ আলী আৰু মৃদুল বুঢ়াগোহাঁই

Leave A Reply

Your email address will not be published.