বিদ্যা ভাৰতীৰ লক্ষ্য-উদ্দেশ্য হ’ল ভাৰত কেন্দ্ৰিক শিক্ষা ব্যৱস্থা প্ৰবৰ্তন কৰা – শ্ৰীৰাম আৰাৱকৰ

0 388

আজি বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ দ্বাৰা অসম প্ৰকাশন ভাৰতীত এখনি সংবাদ মেলৰ আয়োজিত  হয় । আজিৰ সংবাদ মেলত বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় সহ সংগঠন মন্ত্ৰী শ্ৰীৰাম আৰাৱকৰ,অখিল ভাৰতীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাও,শিশু শিক্ষা সমিতি,অসমৰ অধ্যক্ষ ড০ দিব্যজ্যোতি মহন্ত উপস্থিত থাকে।শ্ৰীৰাম আৰাৱকৰে সংবাদ কৰ্মীসকলক উদ্দেশ্য কয় যে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ পৰা সঞ্চালিত স্কুলত ৬৫,৭৬০ মুছলমান আৰু ১০,৮২৭শিখ ধৰ্মাৱলম্বী শিশু পঢ়ি আছে ।বৰ্তমান মিজোৰাম আৰু দমন দিও তথা লাক্ষাদীপকে ধৰি ভাৰতৰ সকলো ৰাজ্যতে ৬৪৫ খন জিলাত বিদ্যা ভাৰতীয়ে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বিশেষ কৃতকাৰ্যতা লাভ কৰিছে । সমগ্ৰ ভাৰতত বিদ্যা ভাৰতীৰ ১২,৮৩০খন বিদ্যালয় আছে ।এই বিদ্যালয়সমূহত ২৯ লাখ শিশুৱে পঢ়ি আছে।পূৰ্বোত্তৰ ক্ষেত্ৰত ৬৭২খন বিদ্যালয় আৰু ৬২৩ খন একল বিদ্যালয় তথা সংস্কাৰ কেন্দ্ৰ সংঞ্চালিত হৈ আছে,যত ১,৮৯,৫২৬ বিদ্যাৰ্থীয়ে অধ্যয়ন কৰি আছে।বিদ্যা ভাৰতীৰ কাৰ্যৰ বিবৰণী প্ৰদান কৰি শ্ৰীৰাম আৰাৱকৰে কয় যে শিশুসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে বিদ্যা ভাৰতী তৎপৰ হৈ আছে । ইয়াৰ কাৰণে পাঁচ আধাৰভুত বিষয়, যেনে – শাৰীৰিক শিক্ষা,যোগ শিক্ষা,সংগীত শিক্ষা,সংস্কৃত শিক্ষা,নৈতিক শিক্ষা ,আধ্যাত্মিক শিক্ষাৰ পাঠ্যক্ৰম সন্মিলিত কৰা হৈছে।গতিবিধি আধাৰিত শিক্ষণ ব্যৱস্থাৰ মাধ্যমৰ দ্বাৰা শিশুৱে মনোৰঞ্জন তথা ৰচনাত্মক ৰূপেৰে শিক্ষা গ্ৰহণ কৰে। সমাজৰ লগত সম্পৰ্কৰ দৃষ্টিৰে চাৰি আয়াম বিদ্বত পৰিষদ, শোধ, সংস্কৃতিবোধৰ পৰিযোজনা, পূৰ্ব ছাত্ৰ ব্যৱস্থা ইয়াত ঠাই পাইছে ।

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিষয়ে শ্ৰীৰাম আৰাৱকৰে কয় যে ই ভাৰত কেন্দ্ৰীক শিক্ষা নীতি । বিদ্যা ভাৰতী প্ৰমুখতাৰ পৰা শিক্ষা নীতিৰ ক্ৰিয়ান্বয়নৰ বাবে যত্ন কৰা হৈছে।সম্পূৰ্ণ দেশৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি ক্ৰিয়ান্বয়ন, পাঠ্যক্ৰম, পাঠ্যপুস্তকৰ কাৰ্য সময়মতে পূৰ্ণ হওঁক ইয়াৰ বাবে বিদ্যা ভাৰতী সম্পৰ্ক আৰু আচাৰ্য প্ৰশিক্ষণ হৈ আছে।
শিশু শিক্ষা সমিতি, অসমৰ সভাপতি ড০ দিব্যজ্যোতি মহন্তই সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ গ্ৰহণ হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰতিখন ৰাজ্যই ইয়াৰ ৰূপায়ণ ব্যৱস্থা ক্ষীপ্ৰতাৰে হাতত লৈছে। যিহেতু এই গোটেই ব্যৱস্থাটোৰ তলৰ পৰাই গাঁথনিগত পৰিৱৰ্তন হৈছে গতিকে কিছু চৰকাৰী বিধি প্ৰনয়ণৰো প্ৰয়োজন আছে। শিশু শিক্ষা সমিতি, অসমে পাঠ্যপুথি প্ৰণয়নৰ দিশত সমল ব্যক্তিৰ প্ৰশিক্ষণ আৰু পাঠদানৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ শিক্ষক প্ৰশিক্ষণ, আন্তঃ গাঁঠনি উন্নয়ৰ ব্যৱস্থা আদিৰ দিশত কাৰ্যসূচী ৰূপায়ণ কৰিছে । একাদশ আৰু দ্বাদশ শ্ৰেণীৰ সংযোজনৰ ব্যৱস্থাও হাতত লোৱা হৈছে। চৰকাৰী প্ৰচেষ্টাতো NEP 2020 ৰূপায়ণৰ কামো তীব্ৰ গতিৰে চলি আছে বুলি সভাপতি গৰাকীয়ে জানিবলৈ দিছে।সভাপতি মহন্তই অসমত নতুন শিক্ষানীতি ৰূপায়নত সকলোৰে সহযোগিতা কামনা কৰিছে যাতে অসমৰ কোনো শিক্ষাৰ্থী পিচ পৰি থাকিব লগা নহয় ।

Leave A Reply

Your email address will not be published.