বিনিয়োগ সন্মিলনৰ কিছু খবৰ

0 263

WhatsApp Image 2018-02-01 at 5.45.57 PM

অসমখনক উদ্যোগিক দিশত আগবঢ়াই নিয়াৰ বাবে এডভান্টেজ আছাম গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট অনুষ্ঠিত কৰা হৈছে। এই সম্পৰ্কে চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মেলৰ যোগে এনেদৰে কয় ৩ফেব্ৰুৱাৰীৰ পৰা সৰুসজাঁইত আয়োজন কৰা সন্মিলন খনত ২০০০তকৈও অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় আগশাৰীৰ বিনিয়োগকাৰী, উদ্যোগপতি, বাণিজ্যিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব। অহা ৩ ফেব্ৰুৱাৰীত এই বিনিয়োগ সন্মিলনখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্ধোধন কৰিব। এই সন্মিলন খনৰ দ্বাৰা ভাৰতবৰ্ষক উত্তৰ পূব এছিয়াৰ লগত কিদৰে সংযোজিত কৰিব পাৰিব তাৰ এটা প্ৰয়াস কৰা হ’ব। ইতিমধ্যে world বেংকে অৰ্থ প্ৰদান কৰিছে। ধুবুৰীত থকা ৰূপশ্ৰী বিমানবন্দৰতো ন ৰূপত সজাই তোলাৰ চিন্তা চৰ্চা কৰিছে। বিশেষকৈ জল পৰিবহন, বিমান পৰিবহন, স্থল পৰিবহন, ৰেল পৰিবহন, আই টি বিভাগ উন্নয়নৰ কাম হাতত লৈছে।

banner-d

বিনিয়োগ সন্মিলনত প্ৰাধান্য পোৱা ক্ষেত্ৰ সমূহৰ দ্বাৰা কোনো প্ৰদূষণ সৃষ্টি নহয় বুলি জানিব দি মন্ত্ৰীগৰাকীয়ে কয় যে মহাৰাষ্ট্ৰৰ নিচিনা উন্নয়নশীল ৰাজ্যত এনে সন্মিলন অনুষ্ঠিত হোৱাটোৱে ইয়াকে সুচায় যে দেশ অথবা ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত এনে সন্মিলনে প্ৰভাৱ পেলায়। প্ৰাকৃতিক গেছ পাৰাদ্বীপৰ পৰা যোগান ধৰিব। অসমত গেছ পাইপ লাইনৰ প্ৰয়োজন প্ৰচুৰ। সন্মিলনখনত ৬খন দেশৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত থকা প্ৰতিনিধিৰ এটা দলে অংশগ্ৰহণ কৰিব। চৰকাৰে গ্ৰহণ কৰা নীতিবোৰৰ ভিতৰত চেনি নীতি, সৌৰ নীতি, অসম ষ্টাৰ্টআপ নীতি অন্যতম। সংবাদমেলখনত আয়ুক্ত সচিব আষোতোষ অগ্নিহোত্ৰী আৰু দক্ষতা বিকাশৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.