দীপৰ বিলক বিজ্ঞান সন্মতভাবে সংৰক্ষণ আৰু প্ৰদূষণমুক্ত কৰি বিলখনক পৰ্যটন থলীলৈ উন্নীতকৰণৰ হকে অলপতে গঠন হোৱা দীপৰ বিল সুৰক্ষা মঞ্চই বিশ্ব জৈৱ বৈচিত্ৰ্য সংৰক্ষণ দিৱসৰ লগত সংগতি ৰাখি ২২ মে’ত ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোঁহাই থানৰ সমীপত দীপৰ বিলৰ পাৰত গছপুলি ৰোপন কৰে । গছপুলি ৰোপন কাৰ্যসূচীত বিশিষ্ট সমাজকর্মী কেষ্টৰাম ৰংপী আৰু সনেশ টেৰণ ,মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ , কাৰ্যকৰী সভাপতি গোলক দাস , উপ সভাপতিদ্বয় বলেশ্বৰ ৰংপী আৰু ধীৰাজ টুমুং , সাধাৰণ সম্পাদক প্ৰমোদ কলিতা , সহকাৰী সম্পাদক সুশীল টেৰণ , সাংগঠনিক সম্পাদিকাদ্বয় পদুমী টেৰণ আৰু পদ্মিনী ৰংচাল , কোষাধ্যক্ষ দ্বীপেন ৰংপীৰ উপৰি ভণিতা বড়ো ৰংপী , বিৰাজ কলিতাকে ( পৱন ) ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত আছিল । আনহাতে মঞ্চৰ কৰ্মকৰ্তা আৰু সদস্য সকলে দীপৰ বিলৰ পাৰত বিভিন্ন প্ৰজাতিৰ প্ৰায় ২০ টা গছপুলি ৰোপন কৰি চৰিওফালে গৰু – ছাগলীয়ে খাব নোৱাৰাকৈ বাঁহৰ বেৰ দিয়ে ।
Trending
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাত নতুনকৈ গঠন হ’ল জিলা পথ সুৰক্ষা সমিতি
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষৰ মিলন সমাৰোহ
- Webinar on Feminist Srimanta Sankaradeva
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ বান সাহাৰ্য বিতৰণ
- ব্যতিক্ৰমী আয়োজনেৰে সদ্য অৱসৰপ্ৰাপ্ত সেনা জোৱানক আদৰিলে জন্মস্থানত
- কালিকান্ত নিউজ এজেঞ্চিৰ ইলা শৰ্মা গোস্বামী সোঁৱৰণী বঁটা ঘোষণা -ৰামপুৰৰ খনীন্দ্ৰ মজুমদাৰলৈ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বাতৰি কাকত পঢ়ুৱৈ বঁটা
- অসম সাহিত্য সভাৰ ‘গান কবিতা বৰষুণ’ শীৰ্ষক অনুষ্ঠান সম্পন্ন
- মিৰ্জাত বিশ্ব ক্ৰীড়া সাংবাদিকতা দিৱস উদযাপন
- ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ দুজন শিক্ষকৰ বিদায় সভা সম্পন্ন
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত অভিলেখ সংখ্যক ৬৮কোটিৰো অধিক কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে