বৰ্হিৰাজ্যৰ পৰা স্বগৃহলৈ অহা যাত্ৰীৰ বাবে অসম পৰিবহন নিগমে ৫০০খন বাছ আগবঢ়ালে

0 311

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ২২ মাৰ্চত দেশজুৰি ১৪ ঘন্টাৰ বাবে সান্ধ্য আইন পালন কৰে। অৱশ্যে মংগলবাৰ পৰ্য্যন্ত বন্ধ বাহাল থকাৰ বাবে  ৰেল আৰু বিমান যোগে বহি:ৰাজ্যৰ পৰা যাত্ৰীসকলৰ সুবিধাৰ অৰ্থে অসম ৰাজ্যিক পৰিবহন নিগমে তিনি দিনত ৫০০খন বাছ আগবঢ়ায়।
 
 
 
নিগমৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত অ’লা, উৱেৰকে ধৰি সকলো ধৰণৰ টেক্সি, আৰু ব্যক্তিগত খণ্ডৰ বাছসেৱা বন্ধ থকাত বহি:ৰাজ্যৰ পৰা অহা যাত্ৰীসকলে নিগমৰ বাছেৰে গন্তব্যস্থানলৈ যাব লগীয়া হয়।
 
 
 
বিগত তিনিটা দিনত গুৱাহাটীকে ধৰি কেবাটাও বিমান বন্দৰত প্ৰায় ১৬ হাজাৰ যাত্ৰীক বিমানেৰে আৰু ১২ হাজাৰো অধিক যাত্ৰীক ৰেলেৰে গুৱাহাটীৰ বিভিন্ন স্থানলৈ আনে।বিমান বন্দৰ আৰু ৰেলৱে চৌহদত নিয়োজিত স্বাস্থ্য কৰ্মীয়ে যাত্ৰী সকলক স্কিনিং কৰাৰ পিছতেহে যাত্ৰী সকলক যাবলৈ দিয়া হয়।
 
 
 
নিগমৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰ উপৰিও কোকৰাঝাৰ, বঙাইগাওঁ, বৰপেটা ৰোড,নলবাৰী,ৰঙিয়া,কামাখ্যা,যোৰহাট,নাজিৰা,মৰিয়নী,সোণাৰী,তিনিচুকীয়া,ডিব্ৰুগড উত্তৰ অসমৰ কেবাটাও ষ্টেচনতে অসম পৰিবহন নিগমে সেৱা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.