ভাল খবৰৰ আঁত ধৰি

0 282

ৰক্তচাপ হ’ল নীৰৱ ঘাটক। ৰক্তচাপৰ লগত বিভিন্ন ৰোগ জড়িত হৈ থাকে। এই ৰোগ সমূহৰ ভিতৰত হৃদৰোগ, ডায়েবেটিছ, কিডনি ৰোগ আদিয়ে প্ৰধান। নিয়মিতভাৱে স্বাস্থ্যৰ পৰীক্ষা কৰি স্বাস্থ্যৰ যতন ল’লে এই ৰোগ সমূহৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই মন্তব্য ডাo অমিয় কুমাৰ শৰ্মাৰ। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰে। তেওঁ কয় যে খাদ্যত নিমখৰ পৰিমাণ কম কৰাৰ লগতে ফল-মূলৰ পৰিমাণ বৃদ্ধি কৰিলে আৰু নিয়মিত ব্যায়াম কৰিলে সুস্থ আৰু সবল জীৱন যাপন কৰিব পাৰি। তেওঁ লগতে কয় যে ৰক্তচাপ জনিত কাৰণত বিশ্বত বছৰি ১০ মিলিয়ন লোকৰ মৃত্যু হয়। আজিৰ সংবাদ মেলত কেইবাজনো চিকিৎসকে স্বাস্থ্য সম্পৰ্কে সজাগতা মূলক বক্তব্য আগবঢ়ায়। উল্লেখ্যযোগ্য যে ওপৰিও কালিলৈ হোটেল গ্ৰেটৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত চিকিৎসকৰ ভূমিকা শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।

এখন চিনেমা নিৰ্মাণত এজন প্ৰযোজকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। কিন্তু প্ৰযোজকৰ ভূমিকাক কেতিয়াও গুৰুত্ব দিয়া নহয়। বহুতে প্ৰযোজক সকলক চিনিয়ে নাপায়। সেয়ে প্ৰযোজক সকলক উৎসাহ দিয়া তথা কৰ্মৰ স্বীকৃতি স্বৰূপে যোৱা বছৰৰ পৰা এক পদক্ষেপ গ্ৰহণ কৰি আহিছে, এই মন্তব্য সদৌ অসম প্ৰযোজক সন্থাৰ সম্পাদক জোনমনি দেৱী খাউণ্ডৰ। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত খাউণ্ডে জনায় যে ২৭ মে’ত মাছখোৱা আই টি এ কম্পেলেক্সত সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হ’ব। উক্ত সম্বৰ্দ্ধনা সভাত ২০১৭ বৰ্ষত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মান বুটলিবলৈ সক্ষম হোৱা চলচিত্ৰৰ প্ৰযোজক সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে “জ্যোতি প্ৰসাদ আগৰৱালা জীৱন যোৰা সাধনা” বঁটাৰে প্ৰযোজক হেমেন দাসক সন্মানিত কৰা হ’ব বুলিও জানিবলৈ দিয়ে। আজিৰ সংবাদ মেলত সন্থাটোৰ কেইবাজনো বিষয় ববীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.