ভাল খবৰ -উদ্ভাৱক উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কৰিছে ছেনিটাইজ কৰিব পৰা যন্ত্ৰ

0 250

একেৰাতিৰ ভিতৰতে এটা ৰুম ছেনিটাইজ কৰিব পৰা যন্ত্ৰ উদ্ভাৱন কৰিছে বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীয়ে। উদ্ভাৱক জনৰ মতে ২ৰ পৰা ৫ মিনিটৰ ভিতৰত ছেনিটাইজ কৰিব পৰা এই যন্ত্ৰটোৰ ভিতৰতে গুড নাইট. সংযুক্ত কৰি ৰুম ছেনিটাইজ কৰিব পৰা যায়।
 
জানিব পৰা মতে যন্ত্ৰটোৰ জৰিয়তে কম সময়ৰ ভিতৰত ভাপ নির্গত কৰিবৰ বাবে এটা ছিৰিঞ্জেৰে বায়ু ভৰোৱা হয়৷ বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা উদ্ধৱ ভৰালীয়ে জনায় যে এই যন্ত্ৰটো মানৱ শৰীৰৰ কাৰণে ৯০শতাংশই অনিষ্টকাৰী নহয় বুলি মন্তব্য প্ৰকাশ কৰে। ইতিমধ্যে  ব্যৱহৃত হোৱা জুলীয়া পদাৰ্থ সমূহৰ পৰীক্ষণ পৰীক্ষাগাৰত সম্পন্ন হৈছে।
 
উল্লেখযোগ্য যে  উদ্ভাৱক গৰাকীয়ে উদ্ভাৱন কৰা  এই এয়াৰ ছেনিটাইজাৰটোক স্বীকৃতি দিছে ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্র্যালয়ৰ অধীনস্থ তেজপুৰ প্রতিৰক্ষা গৱেষণাগাৰে। স্মতৰ্ব্য যে এই এয়াৰ ছেনিটাইজাৰটোৰ সৈতে সম্বন্ধিত বিভিন্ন ধৰণৰ দিশ সমূহ পৰীক্ষা কৰি উদ্ভাৱনৰ কাৰণে অনুমোদন জনায় প্রতিৰক্ষা গৱেষণাগাৰে গঠন কৰা সমিতি খনৰ মুৰববী ড০ বি জে গগৈ, ড০ প্রশান্ত ৰৌল, ড০ পি চট্টোপাধ্যাই আৰু সুমিত কিশোৰে।

Leave A Reply

Your email address will not be published.