ভেকচিনৰ বাবে বিশেষ ট্ৰেইন,কিন্তু ক`ত

0 209

যি সময়ত সমগ্ৰ ৰাজ্যতে ক`ভিড ভেকচিনৰ বাবে সাধাৰণ ৰাইজে শাৰী পাতি দিনটো অপেক্ষা কৰি থাকিও ভেকচিনৰ পৰা বঞ্চিত হব লগীয়া হৈছে, ঠিক এই সময়তে উত্তৰ পূব সীমান্ত ৰেলৱে লামডিং ডিভিজন গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ লামডিং, লংকা, হোজাই ৰেলৱে ষ্টেচন লগত জৰিত থকা সকলো চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীৰ বাবে এটি বিশেষ ট্ৰেইন *VACCINE ON WHEEL* “EXPRESS” কালি আনুষ্ঠানিক ভাৱে উত্তৰ পূব সীমান্ত ৰেলৱে লামডিং ডিভিজনাল ৰেলৱে মেনেজাৰ জে, এস, লাকৰা ফ্লেগ অফ কৰে৷
এই অনুষ্ঠানত ৰেলৱে উচ্চ পদস্থ বিষয়া সকলৰ লগত চিকিৎসক নাৰ্চ আন আন বিষয়া কৰ্মী সকল উপস্থিত থাকে। উল্লেখনীয় যে এই ভেকচিন প্ৰদান কাৰ্যসূচীত হোজাই জিলা লামডিং ৰেলৱে স্বাস্থ্য বিভাগৰ পৰা *250* ড’জ ক’ভিচিল্ড ভেকচিন প্ৰদান কৰে । বিশেষ ট্ৰেইন খনে প্ৰথমে লামডিং পৰা লংকা ষ্টেচন আৰু হোজাই ষ্টেচনত ভেকচিন প্ৰদান কৰি পুনৰ আকৌ লামডিং ষ্টেচনলৈ উভতিব ।

Leave A Reply

Your email address will not be published.