ভ্ৰাম্য এ টি এম সেৱা এইচ ডি এফ চি বেংকে আগবঢ়াইছে

0 425

লকডাউনৰ সময়ছোৱাত নাগৰিক সকলক সকাহ দিবলৈ এইচ ডি এফ চি বেংকে কালিৰে পৰা গুৱাহাটী মহানগৰীত ম’বাইল এ টি এম সেৱাৰ ব্যৱস্থা কৰিছে।
 
 
এই ম’বাইল এ টি এম উপলব্ধ হোৱাৰ ফলত গ্ৰাহকে নগদ ধন উলিয়াবলৈ এ টি এম কেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজন নাথাকিব । গুৱাহাটীত এই সেৱা আৰম্ভ হোৱাৰ পূৰ্বে বেংকটোৱে মুম্বাই,নতুন দিল্লী,এলাহবাদ কম্বাটুৰ,চণ্ডিগড়,চেন্নাই,পুনে,হায়দৰাবাদ,ভূৱনেশ্বৰ,আহমেদাবাদ,বেগাংলোৰ আৰু জয়পুৰতো এই ম’বাইল এ টি এমৰ সেৱা আৰম্ভ কৰিছে।
 
 
গুৱাহাটী মহানগৰীৰ স্থানীয় পৌৰ নিগম প্ৰাধিকৰণৰ পৰামৰ্শ অনুযায়ী ম’বাইল এ টি এম সেৱাৰ স্থানসমূহ নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিদিনে এই ম’বাইল এ টি এম সেৱা পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ৩টা স্থান সামৰি ল’ব।
 
 
এই সম্পৰ্কত  এইচডিএফচি বেংকৰ শাখা বেংকিং মুৰব্বী সন্দীপ কুমাৰ এ এইদৰে কয় যে ম’বাইল এ টি এমত শাৰী পতাৰ সময়ত সামাজিক ব্যৱধান পালন তথা কৰ্মচাৰী আৰু গ্ৰাহকৰ সুৰক্ষাৰ বাবে ছেনিটাইজেছনৰ সকলো আৱশ্যকীয় সতৰ্কতা গ্ৰহণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.