ভ্ৰাম্য পুথিভঁৰাল কঢ়িয়াই সমাজৰ উৎকৰ্ষ সাধন কৰা ব্যক্তি জনৰ কথাৰে

0 231

দেশে বিদেশে গ্ৰন্থৰ সুৱাস বিলায় ফুৰা এজন ব্যক্তি।ব্যক্তিজনে এবছৰ দুবছৰ নহয় সুদীৰ্ঘ ৩২ বছৰ ভ্ৰাম্য পুথিভঁৰাল কঢ়িয়াই পঢুৱৈ সমাজৰ উপকাৰ সাধিছে।
তেখেতৰ নাম শশী মোহন চন্টক।ঘৰ গোৱালপাৰাৰ ৰংচাইত।জানি সুখী হ’ব যে শশী মোহনে কঢ়িয়াই ফুৰা ভ্ৰাম্য পুথিভঁৰালৰ জৰিয়তে গৱেষণাৰ কামত ব্ৰতী হোৱা বহু ছাত্ৰ ছাত্ৰী উপকৃত হৈছে।তেখেতৰ ভাষাত ক’বলৈ হ’লে মই কিতাপ যোগান ধৰি বহুতক ডক্টৰেট কৰিলো।উল্লেখযোগ্য যে শশী মোহন চন্টকৰ পৰা কলিকতা, উত্তৰ প্ৰদেশ, মণিপুৰ ,ত্ৰিপুৰাৰ বহু গৱেষণাৰত ছাত্ৰ ছাত্ৰীয়ে কিতাপ ক্ৰয় কৰে।
কান্ধত এটা মোনাত, কিতাপৰ টোপোলা, ভৰিত হায়াৰ চেন্দেল পৰিধান কৰি তেখেতে দেশে বিদেশেত ভ্ৰমি ফুৰে।ইতিমধ্যে তেখেতে ৭খন পুথি ৰচনা কৰিছে।
যাৰ আলমত বিশিষ্ট লেখিকা টুনা গৌতমে চণ্টুক বুক চেলাৰ্চ শীৰ্ষক এখন তথ্য চিত্ৰ নিৰ্মাণ কৰিছে।জানিব পৰা মতে জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব লগা চলচিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেললৈ এই বিশেষ তথ্য চিত্ৰ খন নিৰ্বাচিত হৈছে ।তথ্যচিত্ৰ খনৰ দৈৰ্ঘ্য ১৫ মিনিট ৪১ছেকেণ্ড।তথ্যচিত্ৰখন প্ৰয়োজনা কৰিছে পূৰ্বাণী গোস্বামীয়ে।স্মতৰ্ব্য যে ৬, ৭ আৰু ৮ মাাৰ্চত তথ্যচিত্ৰ খনৰ প্ৰিমিয়াৰ শ্ব’ অনুুুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.