মঙ্গলদৈ প্ৰেছ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

0 312

মঙ্গলদৈ প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে।কাৰ্যসূচী লগত সংগতি ৰাখি প্ৰেছ ক্লাৱৰ সভাগৃহত দেওবাৰে এখন আলোচনাচক্ৰ অনুষ্ঠিত হোৱা লগতে ৪ গৰাকী জেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জনায়।
 
 
উল্লেখযোগ্য যে ১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হৈছিল আৰু উক্ত বৰ্ষৰ ১৬ নৱেম্বৰ পৰা কাৰ্য্যক্ষম হয়।এই বিশেষ দিনটোক দেশজুৰি ১৯৬৬ চনৰ পৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে উদযাপন কৰা হৈছে।মঙ্গলদৈ প্ৰেছ ক্লাৱেও বিগতবৰ্ষৰ দৰে এইবাৰো ২ দিনীয়াকৈ প্ৰেছ দিৱস আয়োজন কৰে।
 
 
প্ৰথম কাৰ্যসূচী হিচাপে ক’ভিড-১৯ মহামাৰী সময়ত সংবাদ মাধ্যমৰ ওপৰত প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভূমিকা শীর্ষক বিষয়ত দৰঙৰ এগৰাকী ৰাজনীতিক তথা তথ্যৰ ভঁৰাল ডঃ নগেন নাথ শৰ্মা, মঙ্গলদৈ মহাবিদ্যালয়ৰ উদ্ভিদবিদ্যা বিজ্ঞান বিভাগৰ ডঃ চাহাবুদ্দিন আহমেদে ভাষণ দিয়ে।
 
মঙ্গলদৈ কলেজৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰৱক্তা ডঃ কমলাকান্ত বৰাই উদ্বোধন কৰা আলোচনা চক্ৰৰ সঞ্চালনা কৰে প্ৰেছ ক্লাৱৰ সভাপতি আব্দুল খালেকে।প্ৰেছ ক্লাৱৰ সম্পাদক মুকুটৰাজ শৰ্মাই আঁত ধৰা সভাত জেষ্ঠ সাংবাদিক,নিৱন্ধকাৰ চন্দ্ৰ চহৰীয়া,দিগন্ত কুমাৰ শৰ্মা,হোমেন কাকতি,সহ ফটোৰ সাংবাদিক ধৰ্মকান্ত বৰুৱাক সম্বৰ্ধনা জনায়।

Leave A Reply

Your email address will not be published.