অসম চৰকাৰৰ মুখ্য সচিব হিচাপে প্ৰায় ৩৫ বছৰীয়া কৰ্মজীৱন সামৰি ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰে নীতি নিষ্ঠ বিষয়া হিচাপে সুনাম থকা জিষ্ণু বৰুৱাই । কিন্ত অৱসৰৰ প্ৰাকক্ষণত ২৬ আগষ্টত গোৱালপাৰা জিলাৰ মৰনৈত থকা উত্তৰ পূবৰ প্ৰথমখন সৈনিক স্কুল পৰিদৰ্শন কৰিছিল মুখ্য সচিব জিষ্ণু বৰুৱাই । বৰুৱাক সংগ দিছিল ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান , মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । আনহাতে দুই ঘন্টাৰো অধিক সময় সৈনিক স্কুলত থকা জিষ্ণু বৰুৱাক স্কুলত প্ৰৱেশ কৰাৰ পাছত স্কুলৰ শিক্ষাৰ্থী সকলে সামৰিক প্ৰথাৰে অভিবাদন জনোৱাৰ লগতে তেওঁক গাৰ্ড অফ অনাৰ দিয়ে । ইয়াৰ উপৰি মেজৰ জেনেৰেল ভাস্কৰ কলিতা , সৈনিক স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা ভাৰতীয় নৌ সেনাৰ কমাণ্ডাৰ নৰেশ চৌহানক লগত লৈ স্কুলৰ সভাগৃহত জিষ্ণু বৰুৱাই শিক্ষাৰ্থী সকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত মিলিত হয় । অনুষ্ঠানত জিষ্ণু বৰুৱাই শিক্ষাৰ্থী সকলক ভাৰতৰ সশস্ৰ বাহিনীৰ বিষয়া পদত অধিষ্ঠিত হৈ দেশ মাতৃৰ সেৱা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিযোগিতামুলক পৰীক্ষা সমূহত অৱতীৰ্ণ হবলৈ এতিয়াৰে প্ৰস্তুতি আৰম্ভ কৰিবলৈও আহ্বান জনায়।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি