অসম চৰকাৰৰ মুখ্য সচিব হিচাপে প্ৰায় ৩৫ বছৰীয়া কৰ্মজীৱন সামৰি ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰে নীতি নিষ্ঠ বিষয়া হিচাপে সুনাম থকা জিষ্ণু বৰুৱাই । কিন্ত অৱসৰৰ প্ৰাকক্ষণত ২৬ আগষ্টত গোৱালপাৰা জিলাৰ মৰনৈত থকা উত্তৰ পূবৰ প্ৰথমখন সৈনিক স্কুল পৰিদৰ্শন কৰিছিল মুখ্য সচিব জিষ্ণু বৰুৱাই । বৰুৱাক সংগ দিছিল ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান , মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । আনহাতে দুই ঘন্টাৰো অধিক সময় সৈনিক স্কুলত থকা জিষ্ণু বৰুৱাক স্কুলত প্ৰৱেশ কৰাৰ পাছত স্কুলৰ শিক্ষাৰ্থী সকলে সামৰিক প্ৰথাৰে অভিবাদন জনোৱাৰ লগতে তেওঁক গাৰ্ড অফ অনাৰ দিয়ে । ইয়াৰ উপৰি মেজৰ জেনেৰেল ভাস্কৰ কলিতা , সৈনিক স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা ভাৰতীয় নৌ সেনাৰ কমাণ্ডাৰ নৰেশ চৌহানক লগত লৈ স্কুলৰ সভাগৃহত জিষ্ণু বৰুৱাই শিক্ষাৰ্থী সকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত মিলিত হয় । অনুষ্ঠানত জিষ্ণু বৰুৱাই শিক্ষাৰ্থী সকলক ভাৰতৰ সশস্ৰ বাহিনীৰ বিষয়া পদত অধিষ্ঠিত হৈ দেশ মাতৃৰ সেৱা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিযোগিতামুলক পৰীক্ষা সমূহত অৱতীৰ্ণ হবলৈ এতিয়াৰে প্ৰস্তুতি আৰম্ভ কৰিবলৈও আহ্বান জনায়।
Trending
- মালিগাঁওত উত্তৰ পূবৰ প্ৰথমটো বিৰলা ই বাইকৰ নতুন শ্ব’ৰূম মুকলি
- উৰিষ্যাত ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত অসমৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ
- দখলা কলিতাপাৰাত আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন- বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
- ৰাজ্যপালৰ সৈতে ভাৰত আৰু ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ পৰ্যালোচনা বৈঠক
- কামৰূপৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত সোনাপুৰ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন
- ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাত সতৰ্ক পৰিবহণ বিভাগ
- লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত চ্যুকাফা দিবস উদযাপন
- প্ৰথমবাৰৰ বাবে গুৱাহাটীত খেলিব চীন-জাপানৰ শ্বাটলাৰে
- Young prodigy Avaneesh Kashyap clinches top spot in Guwahati Chess Classics 2024
- লোকসেৱা ভৱনত মন্ত্ৰী অশোক সিংহল আৰু মুখ্য সচিবৰ উপস্থিতিত ‘মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ গুৰুত্বপূৰ্ণ বৈঠক