নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে এটা সময়ত উগ্ৰপন্থী সমস্যাত জৰ্জৰিত উত্তৰ-পূবত পুনৰ শান্তি প্ৰতিষ্ঠা কৰিলে, এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। দেওবাৰে শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী অনুষ্ঠানত ভাগ লৈ শ্বাহে এইদৰে কয়।প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত এখন বিশাল ৰাজহুৱা সভাত ভাষণ দি শ্বাহে কয় যে মোডীয়ে যোৱা ৮ বছৰত ৫০ বাৰতকৈও অধিক সময় অঞ্চলটো ভ্ৰমণ কৰিছে আৰু অঞ্চলটোৰ প্ৰগতিৰ বাবে ৰোডমেপ প্ৰস্তুত কৰিছে।আগতে উত্তৰ-পূবক হিংসা আৰু বিচ্ছিন্নতাবাদৰ জনা গৈছিল কিন্তু যোৱা আঠ বছৰত বিদ্ৰোহী কাৰ্যকলাপ ৭০ শতাংশ হ্ৰাস পাইছে। তদুপৰি নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা ৬০ শতাংশ হ্ৰাস পাইছে, অসামৰিক লোকৰ মৃত্যু ৮৯ শতাংশলৈ হ্ৰাস পাইছে তেওঁ কয়।উল্লেখযোগ্য যে উত্তৰ-পূব পৰিষদ চমুকৈ এন ই চি হৈছে উত্তৰ-পূবৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে আঠখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ দ্বাৰা গঠিত এক নোডেল সংস্থা।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন