যাত্ৰীবাহী ৰেলত যাত্ৰা কৰা যাত্ৰীয়ে বিপদত পৰিলে বা যাত্ৰাকালত কিবা অভিযোগ দিব বিচাৰিলে এতিয়াৰে পৰা ভাৰতীয় ৰেলৱেৰ হেল্পলাইন নম্বৰ ১৩৯ ত ডায়েল কৰিব পাৰিব।উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দ্ৰে জানিবলৈ দিয়া মতে এতিয়াৰে পৰা ১৩৯ হেল্পলাইন নম্বৰটো সমন্বিত নম্বৰ হ’ব।ইয়াৰ ফলত পূৰ্বৰ যিকেইটা হেল্পলাইন নম্বৰ আছিল,সেইকেইটা স্বয়ংক্রিয়ভাবে নিষ্ক্রিয় বা অকামিলা হৈ পৰিছে।দুই জানুৱাৰীৰ পৰা নিষ্ক্রিয় হৈ পৰা নম্বৰকেইটা হ’ল ক্ৰমে ১৩৮(সাধাৰণ অভিযোগ),১০৭২(দুৰ্ঘটনা আৰু সুৰক্ষা),৯৭১৭৬৩০৯৮২(এছ এম এছ সেৱাৰ অভিযোগ),৫৮৮৮৮১৩৮(ডবা চাফাইৰ অভিযোগ),১৫২২১০(ভিজিলেঞ্চ) আৰু ১৮০০১১১৩২১(কেটাৰিংচাৰ্ভিছ)আনহাতে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গৰাকীয়ে সদৰি কৰা সমন্বিত হেল্পলাইন ১৩৯ নম্বৰ ডায়েল কৰিলে ১২ টা ভাষা উপলব্ধ হ’ব আৰু সাধাৰণ মোবাইলকে ধৰি যিকোনো মোবাইল নম্বৰৰ পৰা সহজে ডায়েল কৰিব পাৰিব।তাৰপাছতে যি বিষয়ত অভিযোগ দিব বিচাৰে সেই অনুসৰি যাত্রীয়ে হেল্পলাইন নম্বৰৰ পৰা দিয়া নিৰ্দেশনা অনুসৰি অভিযোগ ভেদে নিজৰ নিজৰ মোবাইলত ১,২,৩,৪,৫,৬ আৰু ৯ নম্বৰটো টিপিব লাগিব।অৱশ্যে পূৰ্বৰ হেল্পলাইন ১৮২ ৰ সেৱা বাহাল থাকিব।আনহাতে অত্যাধুনিক প্ৰযুক্তিৰে নম্বৰটো সমৃদ্ধ সমন্বিত ১৩৯ হেল্পলাইন নম্বাৰটোৰ সেৱা দ্ৰুততৰ আৰু ক্ষীপ্ৰতৰ হোৱাৰ লগতে যাত্রীৰ অনুকূল হ’ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই আশা ব্যক্ত কৰিছে।
Trending
- অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক সজাগতা সভা
- CM Dr. Sarma inaugurates Digital and AI powered bank branch of Slice Small Finance Bank in Guwahati
- Assam Governor administers oath of office to Chandra Mohan Patowary as Pro-tem speaker
- ৰাষ্ট্ৰীয় ডেংগু দিৱস: ভাৰতৰ নগৰসমূহ ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ আশংকা
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন
- দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
- Dr. Himanta Biswa Sarma sworn in as The Chief Minister of Assam
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন