যোৰহাটত অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ দ্বাৰা অসম মাইক্র’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ৰ অধীনত দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে সাহাৰ্য বিতৰণ

0 132

যোৰহাট জিলাৰ মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠান বা ঋণ প্ৰদানকাৰী সংস্থা সমূহৰ ঋণৰ বোজাৰে ভাৰাক্ৰান্ত হৈ থকা মহিলাসকলক ঋণৰ পৰা সকাহ প্ৰদানৰ উদ্দেশ্যে “অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি (এম এফ আই আৰ এছ), ২০২১” ৰ অধীনত আজি যোৰহাটৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী জিলা পুঁথিভড়ালৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে জিলাখনৰ দ্বিতীয় শ্ৰেণীৰ ৩,২০৯ গৰাকী হিতাধিকাৰী মহিলাক সাহাৰ্য(চেক) প্ৰদান কৰা হয়। জিলাখনৰ দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰী সকলৰ বাবে ইতিমধ্যে ৫ কোটি ৫ লাখ ৮৪ হাজাৰ ৫৯৩ টকা অনুমোদন কৰা হৈছে।

অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত মন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি হিতাধিকাৰী তথা আইমাতৃসকলক চেক বিতৰণ কৰে৷ মন্ত্ৰীগৰাকীয়ে ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ আইমাতৃসকলৰ এই দীৰ্ঘদিনীয়া ঋণগ্ৰস্থতাৰ সমস্যাৰ অৱসান ঘটোৱাৰ লগতে অসমৰ মহিলা সকলক অৰ্থনৈতিকভাৱে সৱল কৰিবলৈ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ মহিলাসকলে সঞ্চয় কৰিব জানে আৰু সুপৰিকল্পিতভাৱে ঘৰ সংসাৰো চলাব জানে বুলি মত প্ৰকাশ কৰাৰ লগতে কম টকা বিনিয়োগৰ দ্বাৰা ক্ষুদ্ৰ উদ্যোগ, বাণিজ্য আদি ক্ষেত্ৰত মহিলাসকলে নিজকে আত্মনিয়োগ কৰি স্বাৱলম্বী হোৱাৰ উপৰি আনকো উৎসাহিত কৰিবলৈ আৰু জিলাখনক অৰ্থনৈতিকভাৱে সৱল কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷

জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আদৰণি ভাষণ প্ৰদান কৰি হিতাধিকাৰীসকলক শুভেচ্ছা জনাই কয় যে, মহিলা সৱলীকৰণ হ’লেহে দেশৰ সৱলীকৰণ সম্ভৱ৷চৰকাৰৰ পৰা পোৱা উক্ত উদগনিমূলক টকাৰ সদব্যৱহাৰৰ কৰি আইসকলক নিজৰ কাম সমূহ সম্পূৰ্ণ কৰিবলৈ জনোৱাৰ লগতে হাঁহ, কুকুৰা,ছাগলী আদি পালনৰ দ্বাৰাও উপাৰ্জনৰ বাট উলিয়াই ল’বলৈ উপায়ুক্ত গকাকীয়ে আহ্বান জনায়৷

অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণত কয় যে,অসম চৰকাৰে জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰিবৰ বাবে বিভিন্ন ধ্বজাবাহী আঁচনি প্ৰস্তুত কৰি ফলপ্ৰসূ ৰূপায়ন কৰি আহিছে। উক্ত আঁচনিখনে বহু আই মাতৃৰ ঘৰৰ দুখ দূৰ কৰাৰ লগতে দৰিদ্ৰতা কমাবলৈ সক্ষম হ’ব৷

আজিৰ অনুষ্ঠানত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী,দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালী, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা,জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া,জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত জ্যোতি গোস্বামী,অসম গণ পৰিষদৰ জিলা সভাপতি সৌৰভ প্ৰাণ বৰা,বিশিষ্ট অধিবক্তা ইন্দ্ৰজিৎ কাকতি,বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিষয়ববীয়া সকলৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷সভাৰ শেষত অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰে শলাগৰ শৰাই আগবঢ়ায়৷

Leave A Reply

Your email address will not be published.