অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে শনিবাৰে যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয় খন পৰিদৰ্শন কৰি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত এখন সভাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে সভাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি, শৈক্ষিক দিশ আদিৰ বিষয়ে বুজ লয়। সভাত মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰয়োজনীয় ধনৰাশি অহা জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া বাজেট অধিবেশনত অন্তৰ্ভুক্ত কৰাৰ আশ্বাস দিয়ে। অসম চৰকাৰে শীঘ্ৰে নিযুক্তি কৰিবলগীয়া ১ লাখ চাকৰিৰ মাজত মহিলা বিশ্ববিদ্যালয়ৰ খালী হৈ থকা অধ্যাপক-অধ্যাপিকাৰ পদসমূহ পুৰণৰ নিযুক্তিৰ প্ৰক্ৰিয়াটোও অন্তৰ্ভুক্ত হ’ব বুলি কয়। লগতে বিশ্ববিদ্যালয়খনৰ ভূমিৰ সমস্যাটো অতি শীঘ্ৰেই সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° অশোক ভট্টাচাৰ্য আৰু পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে বিশ্ববিদ্যালয়খনৰ সমস্যা আৰু কাম-কাজ সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। সভাত অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰীৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে।
Trending
- চৰাইদেউ জিলা পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ
- ভাৰতী এয়াৰটেলত নৱ সংযোজন
- কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কাজু আৰু ক’ক খেতি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ
- মধ্য গুৱাহাটী বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ ২.০ ৰ সফল সামৰণি
- গুৱাহাটীত বেডমিণ্টন প্ৰতিযোগিতা সম্পন্ন, ল’ৰা শ্ৰেষ্ঠ খেলুৱৈ ময়ুৰেশ দত্ত ছোৱালী শ্ৰেষ্ঠ খেলুৱৈ কৃতিকা তামূলী
- অসামৰিক সেৱালৈ নিৰ্বাচিত আতুৰ কাঠাৰক বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ সম্বৰ্ধনা
- উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব মহাকুম্ভ মেলা
- ডিচেম্বৰ মাহত খোৱাপানীৰ প্ৰায় ৯৫,৮৫৮টা নতুন সংযোগৰ বাবে আৱেদন মুকলি গুৱাহাটী জল ব’ৰ্ডৰ
- মালিগাঁওত উত্তৰ পূবৰ প্ৰথমটো বিৰলা ই বাইকৰ নতুন শ্ব’ৰূম মুকলি
- উৰিষ্যাত ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত অসমৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ