লাকুৱাত অ’এনজচিৰ তৈল ক্ষেত্ৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

0 217

লাকুৱাত অ’এনজচিৰ তৈল ক্ষেত্ৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী৷ নাজিৰাস্থ অসম সম্পদৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত হোৱাৰ পাছতে লাকুৱাৰ ১ নং জি জি এচত উপস্থিত হৈ অ’এনজিচিৰ শীৰ্ষ বিষয়াৰ সৈতে মিলিত হয় বৈঠকত।কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে শিৱসাগৰ জিলাৰ নাজিৰাৰ অ’এনজিচি অসম সম্পদৰ মুখ্য কাৰ্যালয়ত অএনজিচি কৰ্তৃপক্ষৰ সৈতে এক বৈঠকত মিলিত হয়৷ কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰাৰ পিছত প্ৰথম বাৰৰ বাবে লাকুৱাত অ’এনজিচিৰ ১ নং জি জি এচত উপস্থিত হোৱাৰ পিছত বিহুৰে আদৰণি জনোৱা হয়৷ ফুলাম গামোচাৰে মন্ত্ৰী ৰামেশ্বৰ তেলীক সম্ভাষণ জনোৱা হয় তৈল ক্ষেত্ৰলৈ ৷
লোকচানত চলি থকা অএনজিচি অসম সম্পদক অইল ইণ্ডিয়াৰ লগত চামিল কৰণৰ সন্দৰ্ভত নাজিৰাৰ অ’এনজিচি কৰ্তৃপক্ষৰ লগতে লাকুৱাৰ কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হয় মন্ত্ৰী জন ৷ পোন প্ৰথমে অ’এনজিচিৰ উৎপাদন ক্ষমতা অধিক আছিল,কিন্তু অ’এনজিচিৰ বৰ্তমান উৎপাদন ক্ষমতা কমি আহিছে বুলি মন্তব্য কৰি পুনৰ কিদৰে অ’এনজিচিৰ উৎপাদন ক্ষমতা বঢ়াব পাৰি ,নতুন কি ধৰণৰ প্ৰজেক্ট স্থাপন কৰিব পাৰি তাক লৈ অ’এনজিচি বিষয়াৰ সৈতে বৈঠকৰ যোগেদি এক গুৰুত্বপূৰ্ণ আলোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।ইয়াৰ উপৰিও বিভিন্ন জাতীয় দল-সংগঠনেও অ’এনজিচিৰ আসোৱাহ দূৰ কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক প্ৰদান কৰে স্মাৰক পত্ৰ৷

Leave A Reply

Your email address will not be published.