লেখিকা সংস্থা অসমে এইবাৰ “লাবণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটাৰ বাবে নিৰ্বাচন কৰে ইতিহাস প্রসিদ্ধ শিবসাগৰ জিলাৰ জয়সাগৰ চাৰিআলি নিবাসী বিশিষ্ট লেখিকা,আদৰ্শময়ী মাতৃ তথা শিৱসাগৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্রয়াত অধ্যাপক শৰৎ মহন্তৰ সহধর্মিনী মীনা মহন্তক। আজি বিয়লি গুবাহাটীস্থিত সংগীতাচার্য লক্ষ্মীৰাম বৰুবা সদনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মীনা মহস্তক এই বঁটা প্রদান কৰা হয়। এই বঁটাত আছে ২৫ হাজাৰ টকাৰ চেক, এখ-অংগবস্ত্র, এখন অভিনন্দন পত্র, গামোছা, আৰু ফুলৰ থোপা। এই উপলক্ষে লেখিকা সংস্থা, অসমৰ প্রধান সম্পাদক বিজয়া দেব দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে লেখিকা সংস্থাৰ দিশপুৰ শাখাৰ নিভা শর্মাই। প্রয়াত লাবন্য হাজৰিকাৰ প্রতিচ্ছবিত বস্তি প্রজ্বলনৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁৰ পুত্র তথা অসম সাহিত্য সভাৰ সভাপতি ডঃ সূর্যকান্ত হাজৰিকাই। সভাখন উদ্বোধন কৰে লেখিকা সংস্থা, অসমৰ প্রাক্তন সভাপতি বতিপ্রভা গগৈয়ে। আনহাতে মীনা মহন্তক বঁটা প্রদান কৰি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ গুবাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে কয় আদর্শ মাতৃ, মীনা মহন্তই তেতিয়াৰ দিনতে মইনা পাৰিজাতৰ সদৌ অসম অধিবেশনত শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰি নিজৰ প্রতিভা দাঙি ধৰিছিল। তিনিটা সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি সমাজত তেওঁলোকক সু-প্ৰতিষ্ঠিত কৰাৰ উপৰিও অধ্যাপক স্বামী শৰৎ মহন্তক সকলো দিশতে সহযোগিতা আগবঢ়াইছিল। সন্মানীয় অতিথি হিচাপে ভাগ লৈ অসম সাহিত্য সভাৰ সভাপতি ডঃ সূর্যকান্ত হাজৰিকাই চমু ভাষণত তেওঁৰ প্রয়াত মাতৃৰ নামত লেখিকা সংস্থা, অসমে প্রদান কৰি অহা বঁটাৰ আঁৰৰ কথা দাঙি ধৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেবীয়ে চমু ভাষণত এজন সন্তানক উপযুক্ত মানুহ হিচাপে গঢ় দিবৰ বাবে একোগৰাকী মাতৃয়ে কিমান ত্যাগ কৰে তাৰ চমু ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত সংস্থাৰ কোষাধ্যক্ষ জুৰি বৰুৱা, আৰু বিশেষ সন্মানীয় সদস্যা দীপ্তিময়ী বুঢ়াগোহাঁইয়ে আদর্শ মাতৃ লাবন্য হাজৰিকা, বঁটাপ্রাপক মীনা মহন্তৰ জীবনাদর্শৰ ওপৰত চমুকৈ আলোকাপাত কৰে। অনুষ্ঠানত বঁটাপ্রাপক মীনা মহন্তই বঁটা লাভ কৰা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি সকলোৱে যাতে ভালে-কুশলে থাকে তাৰ কামনা কৰে। অনুষ্ঠানত বঁটাপ্রাপক মীনা মহন্তৰ কনিষ্ঠ পুত্র আৰু শিৱসাগৰ জিলাৰ গড়গাঁও কলেজৰ অধ্যক্ষ ড” সব্যসাচী মহন্তই তেওঁৰ মাতৃয়ে বঁটা লাভ কৰাত তেওঁলোকৰ পৰিয়ালটোৰ অনুভব ব্যক্ত কৰে।আনহাতে লেখিকা সংস্থা,অসমৰ সভাপতি মৃদুলা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সংস্থাৰ সাংস্কৃতিক সম্পাদক দীপ্তি বৰুৱাৰ পৰিচালনাত মধ্য ইংৰাজী শাখা লেখিকা সংস্থাৰ সদস্যসকলে সমবেত সংগীত পৰিবেশন কৰে। অসমৰ জাতীয় সংগীতৰে সামৰণি পৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই সংস্থাৰ কার্যকৰী সভাপতি মামনি গগৈ বৰুবাই। অনুষ্ঠানত মীনা মহন্তৰ জেষ্ঠ্য পুত্ৰ তথা অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত, বোৱাৰী তথা আৰক্ষীৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰানী বৰুৱাকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য আৰু বহু বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan