লেখিকা সংস্থা অসমে এইবাৰ “লাবণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটাৰ বাবে নিৰ্বাচন কৰে ইতিহাস প্রসিদ্ধ শিবসাগৰ জিলাৰ জয়সাগৰ চাৰিআলি নিবাসী বিশিষ্ট লেখিকা,আদৰ্শময়ী মাতৃ তথা শিৱসাগৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্রয়াত অধ্যাপক শৰৎ মহন্তৰ সহধর্মিনী মীনা মহন্তক। আজি বিয়লি গুবাহাটীস্থিত সংগীতাচার্য লক্ষ্মীৰাম বৰুবা সদনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মীনা মহস্তক এই বঁটা প্রদান কৰা হয়। এই বঁটাত আছে ২৫ হাজাৰ টকাৰ চেক, এখ-অংগবস্ত্র, এখন অভিনন্দন পত্র, গামোছা, আৰু ফুলৰ থোপা। এই উপলক্ষে লেখিকা সংস্থা, অসমৰ প্রধান সম্পাদক বিজয়া দেব দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে লেখিকা সংস্থাৰ দিশপুৰ শাখাৰ নিভা শর্মাই। প্রয়াত লাবন্য হাজৰিকাৰ প্রতিচ্ছবিত বস্তি প্রজ্বলনৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁৰ পুত্র তথা অসম সাহিত্য সভাৰ সভাপতি ডঃ সূর্যকান্ত হাজৰিকাই। সভাখন উদ্বোধন কৰে লেখিকা সংস্থা, অসমৰ প্রাক্তন সভাপতি বতিপ্রভা গগৈয়ে। আনহাতে মীনা মহন্তক বঁটা প্রদান কৰি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ গুবাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে কয় আদর্শ মাতৃ, মীনা মহন্তই তেতিয়াৰ দিনতে মইনা পাৰিজাতৰ সদৌ অসম অধিবেশনত শ্রেষ্ঠ অভিনেত্রীৰ সন্মান লাভ কৰি নিজৰ প্রতিভা দাঙি ধৰিছিল। তিনিটা সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি সমাজত তেওঁলোকক সু-প্ৰতিষ্ঠিত কৰাৰ উপৰিও অধ্যাপক স্বামী শৰৎ মহন্তক সকলো দিশতে সহযোগিতা আগবঢ়াইছিল। সন্মানীয় অতিথি হিচাপে ভাগ লৈ অসম সাহিত্য সভাৰ সভাপতি ডঃ সূর্যকান্ত হাজৰিকাই চমু ভাষণত তেওঁৰ প্রয়াত মাতৃৰ নামত লেখিকা সংস্থা, অসমে প্রদান কৰি অহা বঁটাৰ আঁৰৰ কথা দাঙি ধৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেবীয়ে চমু ভাষণত এজন সন্তানক উপযুক্ত মানুহ হিচাপে গঢ় দিবৰ বাবে একোগৰাকী মাতৃয়ে কিমান ত্যাগ কৰে তাৰ চমু ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত সংস্থাৰ কোষাধ্যক্ষ জুৰি বৰুৱা, আৰু বিশেষ সন্মানীয় সদস্যা দীপ্তিময়ী বুঢ়াগোহাঁইয়ে আদর্শ মাতৃ লাবন্য হাজৰিকা, বঁটাপ্রাপক মীনা মহন্তৰ জীবনাদর্শৰ ওপৰত চমুকৈ আলোকাপাত কৰে। অনুষ্ঠানত বঁটাপ্রাপক মীনা মহন্তই বঁটা লাভ কৰা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি সকলোৱে যাতে ভালে-কুশলে থাকে তাৰ কামনা কৰে। অনুষ্ঠানত বঁটাপ্রাপক মীনা মহন্তৰ কনিষ্ঠ পুত্র আৰু শিৱসাগৰ জিলাৰ গড়গাঁও কলেজৰ অধ্যক্ষ ড” সব্যসাচী মহন্তই তেওঁৰ মাতৃয়ে বঁটা লাভ কৰাত তেওঁলোকৰ পৰিয়ালটোৰ অনুভব ব্যক্ত কৰে।আনহাতে লেখিকা সংস্থা,অসমৰ সভাপতি মৃদুলা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সংস্থাৰ সাংস্কৃতিক সম্পাদক দীপ্তি বৰুৱাৰ পৰিচালনাত মধ্য ইংৰাজী শাখা লেখিকা সংস্থাৰ সদস্যসকলে সমবেত সংগীত পৰিবেশন কৰে। অসমৰ জাতীয় সংগীতৰে সামৰণি পৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই সংস্থাৰ কার্যকৰী সভাপতি মামনি গগৈ বৰুবাই। অনুষ্ঠানত মীনা মহন্তৰ জেষ্ঠ্য পুত্ৰ তথা অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত, বোৱাৰী তথা আৰক্ষীৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰানী বৰুৱাকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য আৰু বহু বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins
- National Science Centre, Guwahati Celebrated International Museum Day 2026 with Inauguration of Orchid and Cactus Garden
- NSE Commences Trading in Electronic Gold Receipts (EGRs)
- সাতমাইলত ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বহাগী উৎসৱ উদযাপন
- অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক সজাগতা সভা
- CM Dr. Sarma inaugurates Digital and AI powered bank branch of Slice Small Finance Bank in Guwahati
- Assam Governor administers oath of office to Chandra Mohan Patowary as Pro-tem speaker
- ৰাষ্ট্ৰীয় ডেংগু দিৱস: ভাৰতৰ নগৰসমূহ ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ আশংকা