লোক্ৰাৰ সোণাই নেপালী প্ৰাথমিক বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা দাপোণ উন্মোচন

0 58

শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ সোণাই নেপালী প্ৰাথমিক বিদ্যালয়ত আজি ” দাপোণ ” শীৰ্ষক এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰাঞ্জল বৰাই । উন্মোচনী ভাষণত বৰাই কয় যে বিদ্যালয় ত প্ৰাচীৰ পত্ৰিকা এখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । প্ৰাচীৰ পত্ৰিকাৰ যোগেদি শিক্ষাৰ্থীৰ বিদ্যায়তনিক দিশৰ সুস্থ বিকাশ সম্ভৱ হয় । অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী সাৱিত্ৰী দেৱী, সহকাৰী শিক্ষয়িত্ৰী জোনামণি দাসৰ লগতে ছাত্ৰ-ছাত্ৰী, ৰাইজ উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.