শংকৰ পাটোৱাৰীৰ গীতৰ শুভমুক্তি

0 358

অসমীয়া  সাংস্কৃতিক জগতৰ এটি চিৰপৰিচিত নাম ডঃ শংকৰ পাটোৱাৰী।পেছাগত শৈক্ষিক ক্ষেত্ৰখনৰ সমান্তৰাল ভাৱে সাংস্কৃতিক ক্ষেত্ৰখনটো নিজস্ব ব্যতিক্ৰমী সৃষ্টিশীলতাৰে ঈর্ষণীয় পৰিচিতি লাভ কৰা গীতিকাৰ সুৰকাৰ ডঃ শংকৰ পাটোৱাৰীৰ এটি গীত নৱবর্ষৰ প্ৰথম দিনাই শুভ মুক্তি দিয়া হয় ঢকুৱাখনাত।নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব  জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ সুললিত কণ্ঠ , নৱ প্ৰজন্মৰ উদীয়মান নৃত্য পৰিচালক বাবা গগৈৰ নৃত্য নিৰ্দেশনা ,ঈশান হাজৰিকাৰ কেমেৰা আৰু সম্পাদনা আৰু মৃণালকান্তিৰ সংগীতেৰে সমৃদ্ধ জাকৈ মাৰি থাকোতে শীৰ্ষক গীতটো শনিবাৰে ৰাইজৰ মাজলৈ উৎসৰ্গা কৰে বিশিষ্ট  সাংস্কৃতিক সাধক ডঃ পাটোৱাৰীয়ে। এই সন্দৰ্ভত ঢকুৱাখনা নগৰৰ প্ৰাকৃতিক প্ৰাচুৰ্য ভূমি চাৰিকঢ়িয়া নদীৰ অৱবাহিকাত অৱস্থিত  উদ্যমী পৰিবেশ কৰ্মী গৌতম বুঢ়াগোহাঁইৰ প্ৰাকৃতিক বাকৰিত অনুষ্ঠিত কৰা হয় এক অনুষ্টুপিয়া উন্মোচনী অনুষ্ঠান। প্ৰতিষ্ঠিত নাট্য কৰ্মী,ঢকুৱাখনা এক্টিং একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱাই আঁত ধৰা উন্মোচনী অনুষ্ঠানত  বিশিষ্ট গীতিকাৰ ,সুৰকাৰ ডঃ পাটোৱাৰী, পাটোৱাৰীৰ সহধৰ্মিনী লিপিকা পাটোৱাৰী ,উদীয়মান কণ্ঠশিল্পী, পাটোৱাৰীৰ কন্যা  মেঘনা পাটোৱাৰী  আৰু পুত্ৰ তৰংগ পাটোৱাৰীক ফুলাম গামোচা আৰু গছপুলিৰে  সম্বৰ্ধনা জনাই গৌতম বুঢ়াগোঁহায়ে। ঢকুৱাখনা এক্টিং একাডেমীৰ উদ্যোগত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত গৰিষ্ঠ সংখ্যক সাংস্কৃতিক কৰ্মী  উপস্থিত থাকে। কণ্ঠশিল্পী ডঃ শংকৰ পাটোৱাৰী, পাৰুল মণি পায়েং, ৰাজীৱ তামুলী, মেঘনা পাটোৱাৰীৰ গীতে মাতে উদ্ধোধনী অনুষ্ঠানত প্ৰতিদিনে এটাকৈ গীত সৃষ্টিৰ আশা পুহি ৰখা আৰু  গীতৰ মাজেৰে জীয়াই থকাৰ দুৰ্বাৰ প্ৰেৰণা বুকুত বান্ধি  নৱ প্ৰজন্মৰ কণ্ঠৰ জৰিয়তে গীতৰ  মাজত সোমাই  থকাৰ ভাৱনাৰ এয়া এক প্ৰাৰম্ভিক প্ৰতিফলন বুলি কৈ ডঃ পাটোৱাৰীয়ে  এই নব্য সৃষ্টিত ঢকুৱাখনাৰ বহুকেইজন প্ৰচুৰ সম্ভাৱনাপূৰ্ণ  সাংস্কৃতিক কৰ্মী,সহ পৰিচালক লক্ষ্যজিৎ বৰুৱা,নৃত্য পৰিচালক বাবা গগৈ ,সম্পাদনা ঈশান হাজৰিকা,যুৱ অভিনেতা যুগশ্রী দেওধাই ফুকন  আৰু অভিনেত্ৰী ৰিম্পী বুঢ়াগোঁহাইৰ বৰেণ্য অৱদানৰ শলাগ লয়।গীতটি উপলব্ধ হব মেঘনা শংকৰ ইউ টিউবত চেনেলত।ৰাইজে  গীতটি  আঁকোৱালি লোৱাৰ  আহ্বান জনাইছে ডঃ পাটোৱাৰীয়ে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.