শক্তিপীঠক সংযোগ হ’ব পৰাকৈ নিৰ্মাণ হৈছে নতুন এটি পথ

0 253

নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা শক্তিপীঠক সংযোগ হ’ব পৰাকৈ নতুনকৈ নিৰ্মাণ হৈছে এটি পথ। লোকনিৰ্মাণ বিভাগে এই পথ নিৰ্মাণৰ বাবে যুদ্ধগতিত তৎপৰতা অব্যাহত ৰাখিছে।ইতিমধ্যে ৰাজ্য চৰকাৰে পথটো নিৰ্মাণৰ বাবে ১১৭ কোটি ৯২ লাখ টকা আবন্টন দিছে।উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৭ জানুৱাৰীৰ পৰা এই পথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।
দেশ বিদেশৰ ভক্তৰ সুবিধাৰ্থে পথৰ কাষে কাষে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ফুটপাথ ছেদ, ৩ টা আশ্ৰয় গৃহ আৰু ৩টা ভিউ পইণ্ট য’ৰ পৰা দৰ্শনাৰ্থীয়ে ব্ৰহ্মপুত্ৰৰ লগতে নীলাচলৰ নৈসৰ্গিক শোভা উপভোগ কৰিব পাৰিব। এই নতুন পথটোৱে অম্বুবাচীৰ সময়ত হোৱা ভিৰ বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।উল্লেখ্য, ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিবেশৰ দৰ্শনাৰ্থীসকলে গাড়ী অথবা খোজকাঢ়ি শক্তি পীঠলৈ আহিব পাৰিব।

Leave A Reply

Your email address will not be published.