শাক আৰু মাছ একেলগে পালন কৰিছে ডেকা দম্পত্তিয়ে

0 332

অসমত নতুনকৈ এক কৃষি পদ্ধতি আৰম্ভ হৈছে ।মাটি নোহোৱাকৈ কম ঠাইতে খেতি কৰিব পৰা একুৱাপনিক পদ্ধতিৰে খেতি কৰি সংবাদৰ শিৰোনাম দখল কৰিছে এক দম্পত্তিয়ে । সোণাপুৰ মেধিকুছিৰ ডেকা দম্পত্তিয়ে একুৱাপনিক পদ্ধতিয়ে খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।উল্লেখযোগ্য যে এই কৃষি পদ্ধতিৰ দ্বাৰা তেওঁলোকে শাক পাচলিৰ লগতে মাছ উৎপাদন কৰিছে।তেওঁলোকে উৎপাদন কৰা পাচলি সমূহৰ ভিতৰত লাই, পালেং, বন্ধাকবি, ষ্ট্ৰবেৰি , জলকীয়া অন্যতম ।ইয়াৰ সমান্তৰালভাৱে কাৱৈ, শিঙি মাছ পুহিছে।এই পদ্ধতিৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ ঘৰতে আৰম্ভ কৰিছে।ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে একুৱাপনিক পদ্ধতিৰ সম্পৰ্কে অৱগত হ’ব বুলি ৰঞ্জিতা শইকীয়া ডেকাই মন্তব্য কৰিছে ।

Leave A Reply

Your email address will not be published.