কালিৰে পৰা আৰম্ভ হৈছে কেন্দ্রীয় বাজেট অধিবেশন।আজি বিত্ত মন্ত্রী নিৰ্মলা সীতাৰমনে দাখিল কৰিছে ২০২০-২১ বৰ্ষৰ দেশৰ বিত্তীয় বাজেট।বাজেটত শিক্ষা,স্বাস্থ্য,কৃষি আৰু উদ্যোগৰ ক্ষেত্রত বিশেষ গুৰুত্ব আৰোপ কৰিছে।এই বাজেটত আয়কৰ দাতালৈ আছে সুখবৰ।নতুন শ্লেব অনুসৰি বছৰি ৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাসকলে এক শতাংশও আয়কৰ দিব নালাগে।ইয়াৰ লগতে ৫ ৰ পৰা ৭.৫ লাখলৈ ১০ শতাংশ কৰ ধাৰ্য্য কৰা হৈছে।ইয়াৰ পূৰ্বে ৫ লাখ টকা উপাৰ্জনকাৰী সকলে ৫ শতাংশ আৰু ৫ পৰা ৭.৫ লাখলৈ ২০ শতাংশ কৰ দিব লাগিছিল।ইয়াৰোপৰি ১০ ৰ পৰা ১২.৫ লাখলৈ ২০ শতাংশ,১২.৫ ৰ পৰা ১৫ লাখলৈ ২৫ শতাংশ আৰু ১৫ লাখতকৈ অধিক আয়ত ৩০ শতাংশ কৰ দিব লাগিব।দেশৰ শিক্ষাখণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰি নতুন শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰা হ’ব।নতুন শিক্ষানীতিৰ লগতে দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে বৃত্তিৰ ব্যৱস্থা কৰা হ’ব।নতুন বিত্তীয় বৰ্ষত শিক্ষাত ৯৯,৩০০ কোটি টকা ধাৰ্য্য কৰা হৈছে।আজি সদনত দাখিল কৰা বাজেটত দেশৰ পৰ্যটন বিভাগৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ৫ খন প্ৰত্নতাত্বিক স্থানৰ উন্নয়নত গুৰুত্ব দিব চৰকাৰে।ইয়াৰে ভিতৰত অসমৰ শিৱসাগৰ জিলাও অন্তর্ভুক্ত হৈছে।মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটত অনুসূচিত জাতি,অনুসূচিত জনগোষ্ঠী,অন্যান্য পিছপৰা শ্রেণীৰ বাবে বহুকেইটা গুৰুত্বপূর্ণ ঘোষণা আছে।এছ চি আৰু অ বি চি ৰ বাবে বাজেটত ৮৫ হাজাৰ কোটি টকা ধাৰ্য্য কৰাৰ উপৰিও অনুসূচিত জনজাতিৰ বাবে ৫৩,৭০০ কোটি টকা ধাৰ্য্য কৰা হৈছে।
Trending
- কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ
- কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
- পলাশবাৰীৰ উপৰহালীত অটল পেঞ্চন যোজনাৰ সজাগতা সভা
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ
- প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত ধুবুৰী জিলাভিত্তিক গণৰাজ্য দিৱস উদযাপন
- অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা ৰাজ্যজুৰি বুথ সভা সম্পন্ন
- নলবাৰীত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী অশোক সিংহলৰ
- বিশ্ববাসীৰ মংগলৰ বাবে পাণ্ডুনাথ দেৱালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি