শিল্পী সমাজৰ পদক্ষেপ

0 242

২

সংস্কৃতিয়ে এটা জাতিক জীয়াই ৰাখে। সংস্কৃতিৰ বাঘজৰী ডাল ৰক্ষা কৰাটো প্ৰত্যেকজন মানুহৰে কৰ্তব্য। দিনে দিনে সৃষ্টি হোৱা বিহুসুৰীয়া, ডাবোল মিনিং থকা অথবা অশ্লীল গানবোৰৰ বিৰোধিতা কৰি সচেতন শিল্পী সমাজৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত একাংশ শিল্পী সকলৰ লগতে অধিবক্তা সকল উপস্থিত আছিল। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ৰাহুল নামৰ এজন যুৱকে গোৱা এটা গানক লৈ সমগ্ৰ অসমে বিৰ্তকে সূচনা হৈছিল। তাৰেই আলমত অধিবক্তা জোনালী দেৱী খাউণ্ডে সমালোচনাৰ বাবে নহয় জনসজাগতাৰ বাবে এই সভাখন আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে। সভাৰ সিদ্ধান্ত অনুসৰি লোৱা কেইটামান ইতিবাচক ঘোষণা হ’ল এনেধৰণৰ- অসম সাংস্কৃতিক বিভাগৰ দ্বাৰা প্ৰতিবছৰে শুদ্ধ ৰূপত অসমীয়া ভাষা গীতবোৰৰ কৰ্মশালা আৰু চৰ্চাৰ বাবে ন প্ৰজন্মক উৎসাহিত কৰা। দ্বিতীয়তে চেঞ্চৰ বৰ্ডৰ অনুমতিতহে গানবোৰৰ প্ৰচাৰ হোৱা, তৃতীয়তে মেডিয়া অথবা এনে গানৰ প্ৰচাৰ তথা প্ৰকাশ কৰা website বন্ধ কৰা।

উল্লেখযোগ্য যে উল্লেখিত তিনিটা বিষয় আলোচনাৰ লগতে সমূহ জনসাধাৰণক একগোট হ’বলৈ আহবান জনায়।

বিৰ্তকই, সমালোচনাই বিশৃংখলতা বঢ়ায়। গতিকে এই সভাৰ পৰা হোৱা গঠনাত্মক বৰ্ত্তাৰ বাবে এক পৰিবৰ্ত্তনৰ আশা পৰিলিক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.