![IMG-20170922-WA0021](https://nefocus.com/wp-content/uploads/2017/09/IMG-20170922-WA0021.jpg)
এক মহৎ উদ্দেশ্য য’ত অন্তৰ্নিহিত হৈ আছে দেশৰ ধৰণী স্বৰূপ শিশুৰ ভৱিষ্যত। শিশুৰ যৌন নিগ্ৰহ আৰু ট্ৰেফিকিঙৰ এক জনমত গঢ়ি তোলাই ভাৰত যাত্ৰাৰ উদ্দেশ্য। এই ভাৰত যাত্ৰাৰ স্বৰূপে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত শান্তিৰ নোবেল পুৰস্কাৰ পাপক কৈলাস সৰ্ত্যাথী উপস্থিত হৈ এনেদৰে কয় যে.. শিশু সকল দেশৰ ভবিষ্যত। শিশুসকলক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব। ১৮ বছৰ আগত ৫৩ শতাংশ শিশুৱে যৌন নিগ্ৰহৰ চিকাৰ হয়। কোনোবা শিশুক তেনে অৱস্থাত যদি প্ৰত্যক্ষ কৰে শীঘ্ৰে চাইল্ড লাইন আৰু প্ৰশাসনক খবৰ দিয়ক। শিশুৰ যৌন নিগ্ৰহ, ট্ৰেফিকিঙ আমাৰ সামাজৰ এক গুৰুত্বপূৰ্ণ সমস্যা। এই ক্ষেত্ৰত যুৱ সমাজ সজাগ যথেষ্ট হোৱাটো অত্যন্ত জৰুৰী।
![IMG-20170922-WA0018](https://nefocus.com/wp-content/uploads/2017/09/IMG-20170922-WA0018.jpg)
বৰ্তমানলৈকে প্ৰায় ৮৬,০০০ শিশুক উদ্ধাৰ কৰি প্ৰকৃত পথলৈ আনিছো। উল্লেখযোগ্য যে এই ভাৰত যাত্ৰা কাশ্মীৰৰ পৰা কন্যাকুমাৰী লৈকে চলি আছে আৰু চলিব। ভাৰত যাত্ৰাৰ সমৰ্থন জনাবলৈ +৯১৮৮৮২৩৩৫৫৫৫ নম্বৰত মিছকল দিব পাৰে।