শিৱসাগৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক অনুষ্ঠিত

0 226

শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভাপতি বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত আজি উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ সভাত অনুষ্ঠিত হয়।
সভাত জিলাখনৰ সাম্ভাব্য বানপানীৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়।
সভাত উপায়ুক্ত গৰাকীয়ে বানপানীৰ পৰিস্থিতি উদ্ভৱ হলে তেনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, ৰাজহ চক্ৰ বিষয়া পৰ্যায়ত, বিভিন্ন চৰকাৰী বিভাগ, আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী আদিৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব এই সম্পৰ্কে বুজ লয়। তেওঁ লগতে বানপানীৰ দৰে দুৰ্যোগৰ সময়ত সকলো বিভাগে সু-সমন্বয় ৰক্ষা কৰি দায়িত্ব সহকাৰে তথা তৎপৰতাৰে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে।
সভাত শেহতীয়াভাৱে ঘটা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে- জুই লগা, বজ্ৰপাত, ধুমুহা, শিলাবৃষ্টি আদিৰ ফলত হোৱা ক্ষতিসাধনৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা উত্থাপন কৰা ২৭ খন পুনৰ সংস্থাপন প্ৰতিবেদন সৰ্ব-সন্মতিক্ৰমে অনুমোদন কৰা হয়। উপায়ুক্ত গৰাকীয়ে বিপদসংকুল অৱস্থাত থকা মথাউৰী আৰু বান্ধ সমূহৰ বিষয়ে বিস্তৃত বুজ লৈ জলসম্পদ বিভাগক এই সমূহ মেৰামতিৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ইতিমধ্যে চিনাক্ত কৰা আশ্ৰয় শিবিৰ সমুহত পৰ্যাপ্ত ব্যৱস্থা মজুত ৰাখিবলৈ নির্দেশ দিয়ে। এই সমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ক’ভিড-১৯ প্ৰট’কল মানি চলিবলৈও তেওঁ নিৰ্দেশ দিয়ে।
সভাত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে বান পৰিস্থিতিৰ সময়ত আৰক্ষী বিভাগৰ পৰা সকলো ধৰণৰ প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰে।
অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া বিতোপন নেওগে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ কয় যে, জিলাখনৰ ২১৮ খন গাঁও স্পৰ্শকাতৰ ৰূপে চিনাক্ত কৰা হৈছে। জিলাখনৰ বিভিন্ন স্থানত ইতিমধ্যে ৮০ টা আশ্ৰয় শিবিৰ প্ৰস্তুত কৰি তোলা হৈছে বুলিও তেওঁ উল্লেখ কৰে। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে ইতিমধ্যে তাৎক্ষণিক সঁহাৰি দল গঠন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। এন. ডি. আৰ. এফ. আৰু এছ. ডি. আৰ. এফ.-ৰ দলৰ লগতে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ আৰু আপদা মিত্ৰ স্বেচ্ছাসেৱক সকলকো সাজু কৰি ৰখা হৈছে।
সভাত সভাত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী  বিষয়া বিপুল শইকীয়া, অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱা, এন. ডি. আৰ. এফ., এছ. ডি. আৰ. এফ. আদিৰ প্ৰতিনিধিৰ লগতে ৰাজহ চক্ৰ বিষয়া সকল, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্রকল্প বিষয়া ৰূপম বৰাও উপস্থিত থাকে।
বাতৰি যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.