শিৱসাগৰত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন

0 218

সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলাতো যোৱা ১৫ আগষ্টত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক বৰ্ডিং খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি উপায়ু্ক্ত বিষ্ণু কমল বৰাই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
পতাকা উত্তোলনৰ পূৰ্বে উপায়ুক্ত গৰাকীয়ে দেশৰ স্বাধীনতাৰ হকে হেলাৰঙে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি স্থানীয় আনন্দৰাম বৰুৱা উদ্যান আৰু পিয়লি ফুকন উদ্যানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন আৰু অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ উপস্থিত থাকে।
ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত উপায়ুক্ত গৰাকীয়ে বৰ্ডিং খেলপথাৰত কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে।আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ  উপস্থিতিত মুখ্য অতিথি ৰূপে প্ৰদান কৰা ভাষণত উপায়ুক্ত গৰাকীয়ে দেশৰ বীৰ শ্বহীদ, মুক্তি-যুঁজাৰু সকলৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ সুৰক্ষাত নিয়োজিত নিৰাপত্তা বাহিনী সমূহৰ সাহস আৰু পৰাক্ৰমৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰে।
অতিমাৰী ক’ভিড-১৯ ৰোগৰ প্ৰতিৰোধ, চিকিৎসা, প্ৰতিষেধক প্ৰদান আৰু পৰীক্ষণ আদি বিষয়ত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কে উপায়ুক্ত গৰাকীয়ে নিজ ভাষণত উল্লেখ কৰে। শিৱসাগৰ জিলা প্ৰশাসনে ক’ভিড-১৯ ৰোগৰ গণ-সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থাপনা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ জিলা স্বাস্থ্য বিভাগ, চিকিৎসক তথা স্বাস্থ্য কৰ্মী আৰু এই প্ৰক্ৰিয়াৰে সৈতে জড়িত সকলোকে আন্তৰিক ধন্যবাদ জনায়। নিজ ভাষণত তেওঁ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জিলাখনৰ সৰ্বোত্তম উন্নতিৰ লক্ষ্যৰে গ্ৰহণ কৰা জনকল্যানকামী আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰি এই সমূহৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণৰ পূৰ্ণ সহযোগিতা কামনা কৰে।  তেওঁ জিলাখনৰ শিক্ষা, স্বাস্থ্য, গ্ৰামোন্নয়ণ, কৃষি তথা ইয়াৰ সহযোগী খণ্ড, উদ্যোগ- বাণিজ্য,  শক্তি, পথ- যোগাযোগ, জনস্বাস্থ্য কাৰিকৰী, পৰিবহন আদি বিভাগৰ অধীনস্থ আঁচনি সমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত জিলা প্ৰশাসনে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰে ।
ৰাজ্য চৰকাৰে শিৱসাগৰত প্ৰাচীন টাই আহোম সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে বুলি উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে।  বাজেট ভাষণত উল্লেখিত প্ৰস্তাৱিত পদক্ষেপ সমূহৰ ভিতৰত শিৱসাগৰৰ অসম টাই সংগ্ৰহালয়ৰ নৱীকৰণ আৰু আধুনিকীকৰণ অন্যতম বুলিও তেওঁ অৱগত কৰে ।  ভাৰত চৰকাৰে শিৱসাগৰক এখন আইক’নিক স্থান হিচাপে ঘোষণা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ইয়াৰ বাবে ৰূপহী পথাৰত এটা আইক’নিক চাইট সংগ্ৰহালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৫ একৰ ভূমিৰ আৱণ্টন দিছে ।
স্বাধীনতা দিৱস উপলক্ষে যোৱা ১৫ আগষ্টত পুৱা ৫ বজাৰ পৰা ৬ বজালৈ প্ৰভাত ফেৰী, পুৱা ৬ বজাৰ পৰা ৭ বজালৈ দেশ প্ৰেমমূলক গীত-মাত প্ৰচাৰ, পুৱা ৭ বজাত নিজ নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৭-৩০ বজাত শিক্ষানুষ্ঠান, চৰকাৰী, বে-চৰকাৰী, অৰ্ধ-চৰকাৰী কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় । বিয়লি ৫-৪০ বজাত ৰাষ্টীয় পতাকা অৱনমন কৰা হয়।স্বাধীনতা দিৱস উপলক্ষে আয়োজিত পেৰেডত লিগিৰীপুখুৰী স্থিত ১ম এ. পি. বি. এন. প্ৰথম, শিৱসাগৰ জিলা কাৰ্যবাহী বল দ্বিতীয় আৰু চি. আই. এছ. এফ. -এ তৃতীয় পুৰস্কাৰ লাভ কৰে ।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় অনুষ্ঠানত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগী সকলকো পুৰস্কৃত কৰা হয়।আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ দীপশিখা চাংমাই আৰু নিহাৰিকা ভূঞাৰ দলে প্ৰথম, ভাধৰা হাইস্কুলৰ দিশামণি গগৈ আৰু ভাস্বতী গগৈৰ দলে দ্বিতীয় আৰু শাস্ত্ৰীজী হাইস্কুলৰ অঞ্জু দাস আৰু মঞ্জু দাসৰ দলে তৃতীয় পুৰস্কাৰ লাভ কৰে।
তেনেদৰে, আন্তঃবিদ্যালয় ৰচনা প্ৰতিযোগিতাত শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাৰ্থনা দত্তই প্ৰথম, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কস্তুৰী গগৈয়ে দ্বিতীয় তথা ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰিন্সি দত্তই তৃতীয় পুৰস্কাৰ লাভ কৰে।
তদুপৰি, আন্তঃবিদ্যালয় স্বৰচিত কবিতা প্ৰতিযোগিতাত বগীদ’ল উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাব্যশ্ৰী বেজবৰুৱাই প্ৰথম, বৰপাত্ৰদ’ল উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্বী ভৰালীয়ে দ্বিতীয় আৰু মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লখিমী বুঢ়াগোহাঁয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে।আন্তঃবিদ্যালয় দেশপ্ৰেমমূলক গীত পৰিবেশন প্ৰতিযোগিতাত যুটীয়াভাৱে প্ৰথম পুৰস্কাৰ লাভ কৰে আউনিআটি হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অজয় দৰিগ আৰু ঠানুৰাম গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জোনালী দাসে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ভীমপোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লুকুমণি হাজৰিকাই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে নাজিৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুৰিতা বৰচেতিয়াই ।
স্বাধীনতা দিৱসৰ জিলা পৰ্য্যায়ৰ অনুষ্ঠানত বিভিন্ন বিভাগৰ অধীনত উৎকৃষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰা তথা উল্লেখনীয় সেৱা প্ৰদান কৰা ব্যক্তি সকলকো সম্বৰ্ধনা জনোৱা হয়। এই ব্যক্তি সকল হ’ল ক্ৰমে: জিলা কৃষি বিভাগৰ তৰফৰ পৰা প্ৰগতিশীল কৃষক নিৰঞ্জন কুম্ভকাৰ; হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ তৰফৰ পৰা শিপিনী মুনমী বেজবৰুৱা; ৰেচম বিভাগৰ তৰফৰ পৰা মুগা পালক কিৰণ ফুকন; পশুপালন আৰু পশুচিকিৎসা বিভাগৰ তৰফৰ পৰা বেচৰকাৰী সংস্থা শ্ৰীকৃষ্ণ উৎপাদনমুখী কৃষক সমিতি; অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ প্ৰতিপালক আৰু স্বেচ্ছাসেৱক সকল ক্ৰমে- জিতেন কোঁচ, মিনা চুতীয়া, প্ৰাঞ্জল প্ৰতীম দাস, দীপশিখা চাংমাই আৰু নিহাৰিকা বড়া; ক্রীড়া বিভাগৰ তৰফৰ পৰা জীমনাষ্ট দ্বয় ক্ৰমে কৃষ্ণ সাহা আৰু কৃষ্ণাপ্ৰিয়া গগৈ, ভাৰোত্তলক দ্বয় ক্ৰমে লক্ষীন্দ্ৰ বৰুৱা আৰু মেহেক আখতাৰ বড়া; সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা শিল্পীসকল ক্ৰমে ৰমেশ দত্ত, বাবুল আলী আৰু সুশীল বৰুৱা; সৰ্বশিক্ষা অভিযানৰ তৰফৰ পৰা এথলিট অনিস্মিতা কোঁৱৰ; স্বাস্থ্য বিভাগৰ অধীনস্থ আশাকর্মী সকল ক্ৰমে নিভা গগৈ মেচ, চিনু শইকীয়া আৰু কমলী দাস; বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ তৰফৰ পৰা দোপদৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গুনমণি বৰুৱা আৰু দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰতাপ কুমাৰ বৰুৱা।
উল্লেখ্য যে, ক’ভিড-১৯ ৰোগৰ সাম্ভাব্য গণ-সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত জিলা প্ৰশাসনৰ আহ্বানক্ৰমে উপস্থিত সকলোৱে মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠানটি উপভোগ কৰে। অনুষ্ঠানটিৰ শেষত উপস্থিত ৰাইজৰ মাজত গছপুলিও বিতৰণ কৰা হয় ।

Leave A Reply

Your email address will not be published.