শ্ৰমিকেও সন্মান পোৱা উচিত -পাটোৱাৰী

0 338

শ্ৰমিকক সন্মান কৰিলেহে সমাজখন পৰিবৰ্তন হ’ব ।এই মন্তব্য পল্লৱ লোচন দাসৰ।অসম দক্ষতা বিকাশ বিভাগৰ দ্বাৰা নেডফিত আয়োজিত এক সমাৰোহত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে এইদৰে মন্তব্য কৰে।ডমেষ্টিক ৱৰকাৰ স্কিল সমাৰোহত অংশগ্ৰহণ কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে শ্ৰমৰ মৰ্যাদাৰ সম্পৰ্কে বিশদভাৱে বৰ্ণনা কৰে আৰু অসম দক্ষতা বিকাশৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত মহিলাক মানপত্ৰ প্ৰদান কৰে।সমাৰোহখনত অংশগ্ৰহণ কৰি অমোট কাণ্টে কয় যে শ্ৰমিকে মৰ্য্যদা পোৱা উচিত ।অসম তথা উত্তৰ পূৰ্বাঞ্চলত ডমেষ্টিক ৱৰকাৰ সংগঠিত হোৱা নাছিল ।আমি সংগঠিত কৰি শ্ৰমৰ সন্মান দিব বিচাৰিছো ।এই সমাৰোহত অসম দক্ষতা বিকাশ বিভাগৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী,আশোতোষ অগ্নিহোত্ৰী, নাৰায়ন কোঁৱৰকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.