সজাগতামূলক কাৰ্যসূচীলৈ চিকিমৰ পৰা অসমত উপস্থিত হৈছে এইজন যুৱক

0 184

ড্ৰাগছৰ লগতে নিচা যুক্ত দ্ৰৱ্যক ৰোধ কৰাৰ লগতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যক প্ৰচাৰ কৰাৰ বানী লৈ সৰ্বসাধাৰন ৰাইজৰ মাজলৈ লৈ যোৱাৰ একমাত্ৰ উদ্দেশ্য আগত ৰাখিয়েই সুদুৰ চিকিমৰ গেংটকৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ চাইকেলৰে যাত্ৰা কৰি অসম ভ্ৰমণ কৰিছে এজন যুৱকে ৷ যোৱা ২২ তাৰিখৰ দিনা যাত্ৰা আৰম্ভ কৰি প্ৰায় ৭০০ কিলোমিটাৰ অতিক্ৰম কৰি ইতিমধ্যে আজি উপস্থিত হয়হি জামুগুৰিহাটত ৷ জামুগুৰিহাটৰ বালিজুৰিত যুৱক জনক অসমীয়াৰ জাতিয় স্বাভিমান ফুলাম গামোছাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে অঞ্চলৰে গাঁওৰক্ষী বাহিনী লক্ষী শইকীয়াই ৷ সম্বৰ্ধনা গ্ৰহন কৰি গেংটকৰ ২৪ বছৰীয়া যুৱক অনিল ছেত্ৰীয়াে কয়- অসমৰ মানুহ অতিথি পৰায়ন আৰু সংস্কৃতিবান ৷ অসমৰ প্ৰাকৃতিক পৰিৱেশক লৈ মনোমোহিত হৈছো । অসমৰ পৰম্পৰাগত বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন ইউ টিউবৰ জৰিয়তে ভাৰতবৰ্ষৰ লগতে বিশ্বতে প্ৰচাৰ কৰিয়েই যুৱকজনে অসম ভ্ৰমন কৰিয়েই যাত্ৰা সামৰণি মাৰিব বুলিও মন্তৱ্য কৰে ৷ বৰ্তমান বালিজুৰিৰ যুৱক বিৰেণ বৰাৰ বাসগৃহত গেংটকৰ যুৱকজনক আশ্ৰয়ৰ বাবে সকলো সুবিধা প্ৰদান কৰি সচাঁই এক মহানুভৱতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰই।

Leave A Reply

Your email address will not be published.