সমন্বয়ৰ মূলমন্ত্ৰলৈ উৰিষ্যাৰ পৰ্যটক অসমত

0 268

সমন্বয় আৰু সদ্ভাৱক মূল মন্ত্ৰ হিচাপে লৈ উৰিষ্যাৰ পৰা অহা  চাৰিজনীয়া এটা পৰ্যটকৰ দল কালি গুৱাহাটীত উপস্থিত হয়।পৰ্যটকৰ দলটোক অসম সাহিত্য সভাৰ ভাগৱতী প্ৰসাদ ভৱনত আয়োজিত এক সভাত আদৰণি জনায়।এক বিবৃতিত সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই জানিবলৈ দিয়া মতে উৰিষ্যাৰ ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত কুমাৰ প্ৰধান,অৱসৰপ্ৰাপ্ত বিষয়া প্ৰেমৰঞ্জন প্ৰধান, সমাজসেৱিকা পিংকী প্ৰধান আৰু উদ্যোগী মহিলা কুৰ্ণী প্ৰধানক সম্ভাষণ জ্ঞাপন কৰে।অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ পৌৰাহিত্যত অনুষ্ঠিত সম্বৰ্দ্ধনা সভাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ সূৰ্য্য হাজৰিকা, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সচিব মাধুৰিমা সেন বৰুৱা ,অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বৰ্ণালী শৰ্মা, অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ডক্টৰ শ্যামল শইকীয়াকে আদি কৰি বহুকেইজন ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মাই আতঁধৰা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি প্ৰশান্ত কুমাৰে কয় যে এই যাত্ৰাই অসম আৰু উৰিষ্যাৰ মাজত সমন্বয়ৰ জিঞ্জিৰি বান্ধিব বুলি পৰম আশাবাদী ।উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰে সম্বলপুৰস্থিত বেজবৰুৱাৰ বাসভৱন সংৰক্ষণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ সম্পৰ্কত ৰাজহুৱা কৰাৰ উপৰিও আগধন ৫০লাখ টকাৰ আনুষ্ঠানিক পত্ৰখন সঁজাতি দলটোক  প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.