সম্প্ৰীতিৰ বতৰা বিলাইছে গ্ৰীণ নগৰ উন্নয়ন সমিতিয়ে

0 401

কালিলৈ উৰুকা ।চৌদিশে হেপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে ।কংক্ৰিটৰ মহানগৰীটো হেপাহৰ বিহুটিক আদৰাৰ বাবে প্ৰস্তুতি চলিছে ।হাতীগাৱৰ গ্ৰীণ নগৰ উন্নয়ন সমিতিয়ে ভেলাঘৰ আৰু মেজি সাজি জাতি ধৰ্ম নিৰ্বিশেষে ভোগালী বিহুক আদৰাৰ যো জা চলাইছে।উল্লেখযোগ্য যে গ্ৰীণ নগৰ উন্নয়ন সমিতিয়ে এনেদৰে ২০বছৰ ধৰি মাঘ বিহু উদযাপন কৰি আহিছে ।কেৱল হিন্দু মানুহেই নহয়, এই উন্নয়ন সমিতিখনত মুছলমান ধৰ্মীয় লোকো জৰিত হৈ আছে আৰু তেখেত সকলেও মাঘ বিহু উদযাপন কৰাত সহযোগ কৰিছে।এই সম্পৰ্কে গ্ৰীণ নগৰ উন্নয়ন সমিতিৰ বিনোদ পাঠকে কয় যে সমূহ ৰাইজৰ সহযোগত এইদৰে মেজি ভেলাঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ’লো।২৫ডিচেম্বৰৰ পৰা আমি সমূহ ৰাইজে ভেলাঘৰ, মেজি নিৰ্মাণ কৰাৰ বাবে যো জা চলাইছিলো।উল্লেখযোগ্য যে ভেলাঘৰটো বাঁহ, খেৰ, নৰাই দুমহলীয়া চাংঘৰৰ আৰ্হিত প্ৰস্তুত  কৰিছে।যি সময়ত ধৰ্মীয় বিভেদ আনিবলৈ অপশক্তিয়ে চেষ্টা চলাই আহিছে, সেই সময়ত গ্ৰীণ নগৰ উন্নয়ন সমিতিয়ে সম্প্ৰীতিৰ বাৰ্তা বিলাইছে।

Leave A Reply

Your email address will not be published.